আমেৰিকাৰ সৈতে শুল্ক যুদ্ধৰ মাজতে চীন পুনৰ চাপত পৰিছে। ৰাষ্ট্ৰপতি ছি জিনপিঙে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে এজন গুৰুত্বপূৰ্ণ সামৰিক সেনাধ্যক্ষক। অভিযোগ অনুসৰি জেনেৰেল জাং ইউছিয়াকে চীনৰ গুৰুত্বপূৰ্ণ পাৰমাণৱিক নথি আমেৰিকালৈ ফাদিল কৰিছে।
কেৱল সেয়াই নহয়, তেওঁ জিনপিঙক উফৰাই পেলোৱাৰ ষড়যন্ত্ৰও ৰচনা কৰিছিল বুলি অভিযোগ উঠিছে। সামৰিক বিশ্লেষকৰ এটা অংশৰ মতে অভিযুক্ত জেনেৰেলজন চীনৰ ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ বন্ধু। সেয়ে, এই বিষয়টো আৰু অধিক তাৎপৰ্যপূৰ্ণ।
জানিব পৰা মতে, চীনৰ সামৰিক সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেন্দ্ৰীয় সামৰিক আয়োগৰ উপাধ্যক্ষ পদৰ পৰা ৭৫ বছৰীয়া জেনেৰেল জাং ইউছিয়াক বৰ্খাস্ত কৰা হৈছে। পিপলছ লিবাৰেশ্যন আৰ্মী বা ৰেড আৰ্মীৰ জেনেৰেলক অপসাৰণ কৰাৰ পিছতহে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়। এসময়ত জাঙক ছি জিনপিঙৰ আটাইতকৈ বিশ্বাসযোগ্য বন্ধু হিচাপে দেখা গৈছিল। ৰাষ্ট্ৰপতিৰ পিছতে তেওঁ দ্বিতীয় স্থানত আছিল।
চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা অনুসৰি জাঙৰ বিৰুদ্ধে নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত কোনো সবিশেষ দিয়া হোৱা নাই।
মাৰ্কিন কাকতৰ প্ৰতিবেদন অনুসৰি তেওঁ চীনৰ পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত স্পৰ্শকাতৰ নথি-পত্ৰ সৰবৰাহ কৰি আছিল। এই নথিসমূহত অন্যতম গুৰুত্বপূৰ্ণ কাৰিকৰী তথ্য অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে আমেৰিকাৰ পৰা উৎকোচ লোৱাৰ অভিযোগো উত্থাপন হৈছিল।
খবৰ অনুসৰি চৰকাৰী চীন ৰাষ্ট্ৰীয় পাৰমাণৱিক নিগমৰ প্ৰাক্তন জেনেৰেল মেনেজাৰ গু জুনৰ বিৰুদ্ধে চলি থকা তদন্তৰ সময়ত এই ঘটনা আৱিষ্কাৰ হৈছিল। জাঙে দলৰ ঐক্য বিনষ্ট কৰি উপদলীয় কাৰ্যকলাপত লিপ্ত হোৱাৰ লগতে নিজৰ পদৰ অপব্যৱহাৰ কৰি ধন সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন হৈছে। চীনৰ সামৰিক ইতিহাসত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে।





