শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে হৃদৰোগৰ আশংকাও বৃদ্ধি পায়। সেয়েহে কলেষ্টেৰলৰ পৰা যিমান দূৰত থাকিব পাৰি সিমানেই মংগলজনক। পিছে এই কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাটো ইমান সহজ কথা নহয়। কেৱল খাদ্য নিয়ন্ত্ৰণ কৰিলে বা অত্যাধিক ঔষধ সেৱন কৰিলেই এই ৰোগৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ পোৱা নাযায়; ইয়াৰ জৰিয়তে ৰোগটো সাময়িকভাৱে বশ কৰিহে ৰাখিব পাৰি। কলেষ্টেৰলৰ পৰা চিৰস্থায়ী মুক্তি পাবলৈ হ‘লে প্ৰতিদিনে কমেও ২০ মিনিট সময় ব্যায়াম কৰাটো অপৰিহাৰ্য। দেশৰ ‘ন্যাচনেল ইনষ্টিটিউট অফ হেল্থ’ৰ এক গৱেষণাপত্ৰত প্ৰকাশ পোৱা অনুসৰি, উচ্চ কলেষ্টেৰল কমাবলৈ এৰোবিক ব্যায়াম, ষ্ট্ৰেচিং আৰু যোগাসন কৰাটো অতিৱশ্যকীয়।
কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে গৱেষকসকলে কেইটামান বিশেষ ব্যায়ামৰ পৰামৰ্শ দিছে, যিবোৰ ঘৰতে সহজে কৰিব পাৰি। ইয়াৰ ভিতৰত বডিৱেইট স্কোৱাট (Bodyweight Squat) অন্যতম। এই ব্যায়ামৰ ক্ষেত্ৰত শৰীৰৰ ভংগিমা সঠিক হোৱাটো অতি প্ৰয়োজনীয়, অন্যথা ই বিপৰীত ফলহে দিব পাৰে। প্ৰথমে দুয়োখন ভৰি সামান্য আঁতৰাই পোন হৈ থিয় হ‘ব লাগে আৰু চকীত বহাৰ দৰে ভংগিমা কৰিব লাগে। এই সময়ত দুটা কথা মনত ৰখা উচিত— প্ৰথমতে, শৰীৰৰ ওপৰৰ অংশ সন্মুখলৈ হালি যাব নালাগে আৰু কান্ধ পোন হৈ থাকিব লাগে, যাতে কঁকালত কোনো অস্বাভাৱিক হেঁচা নপৰে। দ্বিতীয়তে, উঠা-বহা কৰাৰ সময়ত ভৰিৰ গোৰোহাত ভৰ দিব লাগে। হাতত ওজন লৈয়ো এই ব্যায়াম কৰিব পাৰি, যিটো শৰীৰৰ বাবে অতি উপকাৰী।
কলেষ্টেৰল আৰু পেটৰ চৰ্বি কমাবলৈ ৰাছিয়ান টুইষ্ট (Russian Twist) নামৰ ব্যায়ামবিধো অতি ফলপ্ৰসূ। মেটৰ ওপৰত ভৰি মেলি পোন হৈ বহি এই ব্যায়াম আৰম্ভ কৰিব লাগে। তাৰ পিছত আঁঠু ভাঁজ কৰি দুয়োখন ভৰি সামান্য ওপৰলৈ তুলিব লাগে। শৰীৰটো পিছফালে সামান্য হেলনীয়া কৰি দুয়োখন হাত একেলগ কৰিব লাগে। ভৰি দুখন একে অৱস্থাত ৰাখি কঁকালৰ পৰা শৰীৰৰ ওপৰৰ অংশ এবাৰ বাওঁফালে আৰু এবাৰ সোঁফালে ঘূৰাব লাগে। মন কৰিবলগীয়া যে এই প্ৰক্ৰিয়াত ভৰি দুখনে যাতে মাটিত স্পৰ্শ নকৰে। এই ব্যায়াম ১০ বাৰকৈ ৩ টা ছেটত কৰিলে পেট আৰু তলপেটৰ চৰ্বি দ্ৰুতগতিত হ্ৰাস পায়।
যোগাসনৰ ভিতৰত পশ্চিমোত্তাসনৰ (Paschimottanasana) জৰিয়তেও উচ্চ কলেষ্টেৰল সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। এই আসন কৰিবলৈ প্ৰথমে চিৎ হৈ শুই দুয়োখন হাত মূৰৰ দুয়োকাষে ৰাখিব লাগে। লাহে লাহে উঠি বহি সন্মুখলৈ হালি দুয়োখন হাতৰ আঙুলিৰে ভৰিৰ বুঢ়া আঙুলি ধৰিবলৈ চেষ্টা কৰিব লাগে। ভৰি দুখনৰ মাজত কপালখন লগাব লাগে আৰু এই সময়ত আঁঠু একেবাৰে ভাঁজ হ‘ব নালাগে। উশাহ-নিশাহ স্বাভাৱিক ৰাখি ২০ ছেকেণ্ড সময় এনেদৰে থকাৰ পিছত পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব লাগে। নিয়মীয়াকৈ পশ্চিমোত্তাসন অভ্যাস কৰিলে কেৱল কলেষ্টেৰলেই নহয়, তেজত শৰ্কৰাৰ মাত্ৰাও হ্ৰাস পায় আৰু পেটৰ মেদ কমোৱাতো ই বিশেষভাৱে সহায়ক হয়।





