NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে নগাঁৱত বাতিল বৰদিনৰ কাৰ্যসূচী

December 25, 2019 7:38 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি বিশ্বজুৰি পালন কৰা হ’ব পৱিত্ৰ বৰদিন। প্ৰত্যেক বছৰে আনন্দ উল্লাসেৰে বৰদিন উদযাপন কৰি অহা নগাঁও বাপ্তিষ্ট মণ্ডলীয়ে এইবাৰ জাক জমকতাৰে উদযাপন নকৰে বৰদিন।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি এইবাৰ বৰদিনৰ কেইবাটাও কাৰ্যসূচী বাতিল কৰিছে নগাঁও চহৰৰ একমাত্ৰ গীৰ্জা বাপ্তিষ্ট মণ্ডলীয়ে।

অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা মাইলচ ব্ৰংছনে ১৮৪৬ চনত এই বাপ্তিষ্ট মণ্ডলী স্থাপন কৰিছিল। কিন্তু সাম্প্ৰতিক সময়ত সংশোধিত নাগৰিকত্ব আইনে এই অসমীয়া ভাষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ আশংকাত গীৰ্জা সমিতিয়ে বাতিল কৰিছে বৰদিনৰ বিভিন্ন কাৰ্যসূচী।

উল্লেখ্য যে, গীৰ্জা সমিতিয়ে প্ৰত্যেক বছৰে ২৩ ডিচেম্বৰৰ দিনটোত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী এইবেলি বাতিল কৰাৰ লগতে বৰদিনৰ দিনা সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰিছে।

Related News