NORTHEAST NOW (Assamese)

মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তি নষ্টৰ পাছত আমেৰিকাত কলম্বাছৰ প্ৰতিমুৰ্তিত ধাৰাবাহিক আক্ৰমণ

June 11, 2020 9:34 pm · এন ই নাও নিউজ
ভগ্ন অৱস্থাত কলম্বাছৰ প্ৰতিমুৰ্তি

আমেৰিকাৰ মেইনিপলিত আৰক্ষীয়ে এজন কৃষ্ণাংগ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ পিছত বৰ্ণবৈষম্যৰ বিৰুদ্ধে সমগ্ৰ আমেৰিকাজুৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।

আমেৰিকাত এটা প্ৰতিবাদকাৰী দলে মিনেচোতাত থকা ক্ৰিষ্টোফাৰ কলম্বাছৰ প্ৰতিমুৰ্তিত আক্ৰমণ কৰি প্ৰতিমুৰ্তিটো ভাঙি পেলায়।

প্ৰতিবাদকাৰী সকলে আমেৰিকা আবিস্কাৰ কৰা কলম্বাছক সন্মান প্ৰদৰ্শন কৰিবলৈ অস্বীকাৰ কৰি কলম্বাছক তেওঁলোকৰ পূৰ্বপুৰুষ সকলৰ হত্যাকাৰী দলৰ নেতা আছিল বুলি উল্লেখ কৰে।

কলম্বাছেই আমেৰিকাত ঔপনিবেশ শাসনৰ আৰম্ভণি কৰিছিল বুলিও প্ৰতিবাদকাৰী সকলে কয়।

বষ্টন আৰু মিয়ামিত থকা কলম্বাছৰ প্ৰতিমুৰ্তিও বুধবাৰে ধ্বংস কৰা হৈছিল।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটনৰ ভাৰতীয় দুতাবাসৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিতো কোনো অজ্ঞাত দুৰ্বৃত্তই প্ৰতিবাদৰ সময়ত গ্ৰাফিটি আৰু স্প্ৰে’ পেণ্টিঙৰ জৰিয়তে নষ্ট কৰিছিল।

মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিৰ ওপৰত হোৱা আক্ৰমণৰ পাছতে ভাৰতীয় দূতাবাসে উক্ত ঘটনাক গৰিহণা দি স্থানীয় প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

Related News