• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আটকাধীন ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
January 9, 2019 9:19 pm
Chutia Student Union Protest

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮ জানুৱাৰিত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সময়ত বলপূৰ্বক বিজেপিৰ জিলা কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয় লণ্ডভণ্ড কৰা আৰু আচবাব জ্বলাই দি বিস্তৰ ক্ষতিসাধন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চাৰিগৰাকী ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত আজি গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই দুঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে।

জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত কৰা উক্ত প্ৰতিবাদৰ সময়ত সংগঠনটোৱে ছাত্ৰ নেতাকেইজনক শীঘ্ৰে আৰু বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়। উক্ত কাৰ্যসূচীত অন্যান্য বহুকেইটা সংগঠনে সহযোগ কৰা পৰিলক্ষিত হয়।

Apply Now

প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। ইয়াৰ পিছতে তেওঁলোকে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু গ্ৰেপ্তাৰ কৰা ছাত্ৰ নেতাকেইজনৰ মুক্তিৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উক্ত কাৰ্যসূচীত চুতীয়া ছাত্ৰ সন্থাৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পাপু শইকীয়া, সম্পাদক ৰিতু শইকীয়া, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা মধুমাধৱ শইকীয়া, বিপুল চুতীয়া, সহকাৰী সাধাৰণ সম্পাদক লক্ষী বৰা, কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া, অনুসূচীত জাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিতুল ৰাজখোৱা, নিকুঞ্জ মেধি, জিলা সভাপতি আব্দুল হাচিম, মদমুক্ত অসমৰ প্ৰবীণ দাস, তাই আহোম ছাত্ৰ সন্থাৰ পংকজ গগৈ, কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ পংকজ ৰাজখোৱা আদি বহু লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে মঙলবাৰে গোলাঘাট আৰক্ষীয়ে বিজেপিৰ জিলা সম্পাদকৰ এজাহাৰৰ ভিত্তিত চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা অসীম শইকীয়া, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৰাজীৱ লস্কৰক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰিছিল।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd