আটকাধীন ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

Chutia Student Union Protest

ফটো : নৰ্থ-ইষ্ট নাও

৮ জানুৱাৰিত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সময়ত বলপূৰ্বক বিজেপিৰ জিলা কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয় লণ্ডভণ্ড কৰা আৰু আচবাব জ্বলাই দি বিস্তৰ ক্ষতিসাধন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চাৰিগৰাকী ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত আজি গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই দুঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে।

জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত কৰা উক্ত প্ৰতিবাদৰ সময়ত সংগঠনটোৱে ছাত্ৰ নেতাকেইজনক শীঘ্ৰে আৰু বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়। উক্ত কাৰ্যসূচীত অন্যান্য বহুকেইটা সংগঠনে সহযোগ কৰা পৰিলক্ষিত হয়।

প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। ইয়াৰ পিছতে তেওঁলোকে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু গ্ৰেপ্তাৰ কৰা ছাত্ৰ নেতাকেইজনৰ মুক্তিৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উক্ত কাৰ্যসূচীত চুতীয়া ছাত্ৰ সন্থাৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পাপু শইকীয়া, সম্পাদক ৰিতু শইকীয়া, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা মধুমাধৱ শইকীয়া, বিপুল চুতীয়া, সহকাৰী সাধাৰণ সম্পাদক লক্ষী বৰা, কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া, অনুসূচীত জাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিতুল ৰাজখোৱা, নিকুঞ্জ মেধি, জিলা সভাপতি আব্দুল হাচিম, মদমুক্ত অসমৰ প্ৰবীণ দাস, তাই আহোম ছাত্ৰ সন্থাৰ পংকজ গগৈ, কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ পংকজ ৰাজখোৱা আদি বহু লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে মঙলবাৰে গোলাঘাট আৰক্ষীয়ে বিজেপিৰ জিলা সম্পাদকৰ এজাহাৰৰ ভিত্তিত চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা অসীম শইকীয়া, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৰাজীৱ লস্কৰক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰিছিল।