অসমৰ জনতাৰ নাগৰিক অধিকাৰ, ভূমি-জীৱিকা আৰু গণতান্ত্ৰিক অধিকাৰৰ ক্ৰমবৰ্দ্ধমান সংকটৰ পৰিপ্ৰেক্ষিতত এক ৰাজ্যব্যাপী গণতান্ত্ৰিক প্ৰতিৰোধৰ কেন্দ্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে অহা ২০ ছেপ্টেম্বৰত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত এখন নাগৰিক অভিৱৰ্তন অনুষ্ঠিত হ’ব। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অভিৱৰ্তন খন ফ’ৰাম ফৰ ছ’চিয়েল হাৰমনীৰ উদ্যোগত আয়োজন কৰা হৈছে।
লক্ষ্মী নাথ তামুলী, ড° আব্দুল মান্নান, মনোৰম গগৈ, সঞ্জয় কুমাৰ তাঁতী, মুনীন বায়ন, ড° পদ্মপাণি, নীলিম কুমাৰ, হিমাংশু প্ৰসাদ দাস, ড° ঘনশ্যাম নাথ, নীলিম দত্ত, ড° কমল কুমাৰ তাঁতী, মৃণাল কুমাৰ চৌধুৰী, শৰৎ নেওগ, পদ্মলোচন নাথ, মিন্নাতুল ইছলাম, মুবিনা আখতাৰ, শান্তনু বৰঠাকুৰ আদিকে ধৰি প্ৰায় ১৫০গৰাকী বিশিষ্ট নাগৰিক, সমাজকৰ্মী আৰু শ্ৰমিক-কৃষক সংগঠনৰ প্ৰতিনিধিয়ে এই অভিৱৰ্তনৰ আহ্বান জনাইছে।
এই প্ৰসংগত আহ্বায়কসকলে এটা বিবৃতিত কয় যে অসমত নাগৰিকত্ব আৰু নথি-পত্ৰৰ নামত অনিশ্চয়তা, উচ্ছেদ আৰু বুলড’জাৰ অভিযান, ভূমি অধিকাৰৰ সংকট, গণতান্ত্ৰিক প্ৰতিবাদৰ ওপৰত দমন, কৰ্মসংস্থাপনৰ অভাৱ, অসমৰ পৰা বাহিৰলৈ যোৱা প্ৰব্ৰজিত শ্ৰমিকৰ অনিশ্চিত জীৱন আৰু ভয়াৱহভাৱে পৰিৱেশ ধ্বংসৰ ফলত প্ৰলয়ংকৰী বান-খহনীয়া — এই সকলোবোৰ কাৰকে মিলি এক গভীৰ সামগ্ৰিক নাগৰিক অধিকাৰৰ সংকট সৃষ্টি কৰিছে।
নাগৰিক অভিৱৰ্তনৰ আহ্বায়কবৃন্দই স্পষ্টভাৱে দাবী কৰে—এন আৰ চি বা নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া পূৰ্ণতা নিদিয়াকৈ অনিৰ্দিষ্টকাললৈ ওলমাই ৰখা নচলিব। একে সময়তে, বিতৰ্কিত আৰু অসাংবিধানিক এছ আই আৰ অসমবাসীৰ ওপৰত জাপি দিয়াৰ যিকোনো অপচেষ্টা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। লগতে বহু স্হানৰ মানুহক জোৰ-জুলুমকৈ উচ্ছেদ কৰাটো বন্ধ কৰি ভূমি অধিকাৰ আৰু পুনৰ সংস্থাপন নিশ্চিত কৰা, উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ আৰু পুনৰ্বাসন দিয়া, অসমৰ প্ৰাকৃতিক সম্পদৰ কৰ্প’ৰেট লুণ্ঠন বন্ধ কৰা আৰু কাজিৰঙাকে ধৰি সংবেদনশীল পৰিৱেশতন্ত্ৰ ধ্বংসৰ চেষ্টা ৰোধ কৰিবলৈ দাবী জনোৱা হৈছে।
অভিৱৰ্তনত এন আৰ চি-এছ আই আৰ আৰু নাগৰিকত্ব, উচ্ছেদ আৰু ভূমি অধিকাৰ, খাদ্য-বস্ত্ৰ-বাসস্থান আৰু জীৱিকাৰ অধিকাৰ, প্ৰব্ৰজিত শ্ৰমিকৰ অধিকাৰ, বান-খহনীয়া আৰু পৰিৱেশ, কৰ্মসংস্থাপন, শ্ৰমিক-কৃষকৰ অধিকাৰ, চৰকাৰী শিক্ষা আৰু ভাষিক অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ অধিকাৰ আদি বিষয়ত আলোচনা হ’ব।
আহ্বায়কসকলে কয় যে এই সংকট কোনো এটা জনগোষ্ঠী, ধৰ্ম, ভাষা বা অঞ্চলৰ সংকট নহয়। নাগৰিক অধিকাৰ সংকুচিত হ’লে গণতন্ত্ৰই সংকুচিত হয়। সেয়ে জাতি, ধৰ্ম, ভাষা, বৰ্ণ আৰু অঞ্চলৰ বিভাজন অতিক্ৰম কৰি সকলো নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ বাবে এক ঐক্যবদ্ধ গণতান্ত্ৰিক মঞ্চ গঢ়ি তোলাৰ প্ৰয়োজন।
অভিৱৰ্তনৰ মূল উদ্দেশ্য কেৱল সমস্যাসমূহ আলোচনা কৰা নহয়; অসমৰ বিভিন্ন প্ৰান্তৰ নাগৰিক আৰু গণতান্ত্ৰিক শক্তিক একত্ৰিত কৰি এখন ৰাজ্যব্যাপী যৌথ নাগৰিক মঞ্চ আৰু গণতান্ত্ৰিক প্ৰতিৰোধৰ কেন্দ্ৰ গঢ়ি তোলাৰ বাবে পৰৱৰ্তী কৰ্মপন্থাও নিৰ্ধাৰণ কৰা।
উদ্যোক্তাসকলে অসমৰ সকলো গণতান্ত্ৰিক, সামাজিক, শ্ৰমিক-কৃষক সংগঠন আৰু সচেতন নাগৰিকক ২০ ছেপ্টেম্বৰৰ নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি নাগৰিক অধিকাৰ ৰক্ষাৰ ঐক্যবদ্ধ সংগ্ৰাম শক্তিশালী কৰাৰ আহ্বান জনাইছে।





