• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা; ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ সৈতে মহন্তৰ বৈঠক

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 19, 2019 9:58 pm
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ সৈতে প্ৰফুল্ল মহন্ত

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ সৈতে প্ৰফুল্ল মহন্ত

485
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশৰ বিৰোধী শক্তি সমূহক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে দিল্লী আৰু কলকাতাত কেইবাটাও ৰাজনৈতিক দলৰ নেতাৰ সৈতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আলোচনাত মিলিত হয়।

শুকুৰবাৰে তেওঁ নতুন দিল্লীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহা আৰু ৰাজ্যসভাৰ সাংসদ শাৰদ যাদৱৰ সৈতে পৃথকে পৃথকে মিলিত হোৱাৰ পিছত কলকাতালৈ আহি অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডুক সাক্ষাৎ কৰে।

উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূৰ্বৰ বিভিন্ন দল-সংগঠন আৰু খিলঞ্জীয়া ৰাইজে তীব্ৰ বিৰোধিতা কৰি থকাৰ পিছতো বিজেপিয়ে ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাইছে। বিধেয়কখন এতিয়ালৈ ৰাজ্যসভাত গৃহীত হোৱা নাই যদিও ৩১ জানুৱাৰিৰ পৰা হ’বলগীয়া ৰাজ্যসভাৰ অধিৱেশনত বিজেপিয়ে ইয়াক উত্থাপন কৰি গৃহীত কৰোৱাৰ সম্ভাৱনা আছে।

গতিকে ইয়াৰ প্ৰাক-মূহুৰ্তত বিৰোধী পক্ষৰ এই নেতাকেইজনৰ সৈতে প্ৰফুল্ল মহন্ত মিলিত হোৱাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো বিধেয়কখন লোকসভাত গৃহীত হ’ল যদিও ৰাজ্যসভাত বিজেপিৰ সংখ্যগৰিষ্ঠতা নাই। গতিকে বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰোৱাৰ ক্ষেত্ৰত বিজেপি অসুবিধাৰ সন্মুখীন হ’ব। তেনে সময়ত বিৰোধীৰ ঐক্যবদ্ধ শক্তিয়ে এইক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব লাভ কৰিব।

‘কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সহমতত উপনীত হোৱাৰ বাবেই তেওঁলোকৰ সৈতে আলোচনাত মিলি হৈছো’, প্ৰফুল্ল কুমাৰ মহন্তই নৰ্থ-ইষ্ট নাওক কয়।

উল্লেখযোগ্য যে, আজি কলকাতাত পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ আহ্বানত অনুষ্ঠিত বিজেপি বিৰোধী বিশাল সমাবেশত অংশগ্ৰহণৰ বাবে চন্দ্ৰবাবু নাইডু কলকাতাত উপস্থিত হৈছিল।

অৱশ্যে মহন্ত কালিৰ পৰা কলকাতাত আছিল যদিও আজি তাত অনুষ্ঠিত সমাবেশত তেওঁ অংশ লোৱা নাই বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

Recent News

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আৰু কিমানজনৰ মৃত্যু? অসম চৰকাৰ তথা গুৱাহাটী পৌৰনিগমৰ অৱহেলাৰ ফল ভুগিছে নাগৰিকে!

আৰু কিমানজনৰ মৃত্যু? অসম চৰকাৰ তথা গুৱাহাটী পৌৰনিগমৰ অৱহেলাৰ ফল ভুগিছে নাগৰিকে!

দিল্লীত আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ১৩ গৰাকী কাউন্সিলাৰৰঃ ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী নামৰ নতুন দল ঘোষণাৰ ঘোষণা

দিল্লীত আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ১৩ গৰাকী কাউন্সিলাৰৰঃ ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী নামৰ নতুন দল ঘোষণাৰ ঘোষণা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd