“প্ৰতিক্ৰিয়াক লৈ আমি চিন্তা নকৰো, নাগৰিকত্ব বিধেয়ক বিজেপিৰ এজেণ্ডা”, দৃঢ়তাৰে দোহাৰিলে ৰাজেন গোহাঁয়ে

Rajen-Gohian-570x320

কেন্দ্রীয় মন্ত্রী ৰাজেন গোঁহাই : ফাইল ফটো

ৰাজ্য়সভাত সংখ্য়াগৰিষ্ঠতা নথকাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কখন পাৰ কৰিব নোৱাৰিলে। কিন্তু ইয়াক অনা হ’বই। সংবাদ মাধ্যমৰ আগত এইদৰে দৃঢ়তাৰ সৈতে মন্তব্য কৰিলে কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰী তথা বিজেপি নেতা ৰাজেন গোহাঁয়ে। নগাৱঁত ১৯ ফেব্ৰুৱাৰিৰ এটা কাৰ্য্যসূচীৰ সময়ত মন্ত্ৰীজনে এই মন্তব্য কৰিছে।

অলপতে অমিত শ্বাহে অসম ভ্ৰমণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত কৰা হ’বই বুলি কৈ যোৱাৰ প্ৰতিক্ৰিয়া চলি আছে বুলি উনুকিয়াই ৰাজেন গোঁহাইক প্ৰশ্ন কৰিছিল সাংবাদিকে।

“প্ৰতিক্ৰিয়াতো হৈ আছে, হৈ থকালৈ আমি চিন্তা নকৰো। এইবাৰ ৰাজ্যসভাত আমাৰ সংখ্যাগৰিষ্ঠতা নাছিল কাৰণে আমি বিধেয়কখন পাৰ কৰিব নোৱাৰিলো”, ৰাজেন গোহাঁয়ে কয়।

হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াটো বিজেপিৰ এজেণ্ডা বুলি জানিবলৈ দি ৰেইল ৰাজ্যিক মন্ত্ৰীজনে কয়, “যিহেতু এইটো আমাৰ এজেণ্ডাত আছে। আৰু এনেকুৱা কথা নাই যে অসম আৰু অসমীয়াক আমি ধ্বংস কৰিবলৈ ওলাইছো। এইটো সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়।”

তেওঁ সমগ্ৰ ভাৰততে থকা কিছুমান সমস্যা সমাধান কৰাৰ উদ্দেশ্যে এই আইনখন অনা হৈছে বুলি মন্তব্য কৰি কয়, “২০১৯ত দিল্লীত বিজেপি চৰকাৰ হ’লে এই আইনখন আনিবই, এইটোত কোনো সন্দেহ নাই”।