• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ ‘সংকল্প’ৰ পাছতে দিল্লীত তৎপৰ আছু-নেছ’

ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সভাপতি দীপাংক কুমাৰ নাথে দিল্লীলৈ গৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ বাবে পদক্ষেপ হাতত লৈছে।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 10, 2019 8:11 pm
Citizenship bill: AASU-NESO leaders meet JD (U)'s national general secretary

নতুন দিল্লীত কে চি ত্যাগীক সাক্ষাৎকালত ভট্টাচাৰ্য্য আৰু নাথ। বুধবাৰৰ ছবি- ইউ বি।

428
VIEWS
Share on FacebookShare on Twitter

পুনৰ শাসনলৈ আহিলেই বিতৰ্কিত নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি আসন্ন লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে ৰাষ্ট্ৰীয় সংকল্প লোৱাৰ পাছতে ইয়াৰ বিৰুদ্ধে নতুন দিল্লীত তৎপৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূব ছাত্ৰ সংগঠন।

ইয়াৰ পাছতেই ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সভাপতি দীপাংক কুমাৰ নাথে দিল্লীলৈ গৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ বাবে পদক্ষেপ হাতত লৈছে।

ভট্টাচাৰ্য্য আৰু নাথে সদৌ অসম ছাত্ৰ সন্থা আৰু নেছ’ৰ হৈ বুধবাৰে নতুন দিল্লীত বিহাৰৰ শাসনাধিষ্ঠ জনতা দল (য়ুনাইটেড)ৰ মুখ্য সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ কে চি ত্যাগীক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধিতাৰ বাবে দলটোৰ সহায় বিচাৰে।

উল্লেখ্য যে জে ডি (য়ু)এ পূৰ্বৰে পৰা বিধেয়কবিৰোধী স্থিতিত অটল আছে। আছু তথা নেছ’ৰ প্ৰতিনিধিৰে হোৱা সাক্ষাতত কে চি ত্যাগীয়ে জে ডি (য়ু)এ পূৰ্বৰ দৰেই বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰাৰ কথা আছুৰ উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে।

ভট্টাচাৰ্য্যই লগতে কয় ‘জে ডি (য়ু)এ ৰাজপথৰ পৰা সংসদলৈ বিধেয়কবিৰোধী আন্দোলন লৈ যোৱাত ভূমিকা ল’ব বুলি কে চি ত্যাগীয়ে আমাৰ আগত কথা দিছে’।

ইপিনে দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে অহা ১৪ এপ্ৰিলত প্ৰকাশ কৰিবলগীয়া দলৰ ৰাষ্ট্ৰীয় ইস্তাহাৰতো বিধেয়কৰ বিৰোধিতাৰ প্ৰসংগ উত্থাপন কৰিব বুলিও আছু-নেছ’ৰ নেতৃত্বক আশ্বাস দিয়ে।

ইয়াৰ পূৰ্বেও দলটোৱে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। কোনো কাৰণতেই বিধেয়কখন গৃহীত হ’বলৈ দিয়া নহ’ব বুলি দলৰ মুৰব্বী তথা বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰেও স্পষ্ট ঘোষণা কৰিছিল।

এতিয়া বিজেপিৰ নাগৰিকত্ব বিধেয়ক গৃহীত কৰাৰ পক্ষত দৃঢ় স্থিতিৰ বিপৰীতে ‘অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়া বিৰোধী’ বিধেয়কখন প্ৰতিহত কৰিবলৈ আছু-নেছ’ই লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

কাছাৰত ‘গুটখা’ সেৱন কৰি মৃত্যু এগৰাকী অসম আৰক্ষী বিষয়াৰ

কাছাৰত ‘গুটখা’ সেৱন কৰি মৃত্যু এগৰাকী অসম আৰক্ষী বিষয়াৰ

অম্বুবাচী মেলাৰ ভক্তসকলৰ সেৱাৰ্থে ব্যাপক ব্যৱস্থা গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

অম্বুবাচী মেলাৰ ভক্তসকলৰ সেৱাৰ্থে ব্যাপক ব্যৱস্থা গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd