NORTHEAST NOW (Assamese)

নিৰ্বাচনী উত্তাপৰ মাজতে বিজেপিৰ সংকল্পত হিমচেঁচা পানী জে দি (ইউ)ৰ

April 10, 2019 9:25 pm · এন ই নাও নিউজ
Updated: April 10, 2019 9:35 pm
জে দি (ইউ) মুৰব্বী নীতীশ কুমাৰ। ফাইল ছবি।

পুনৰ শাসন পালেই নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি বিজেপিয়ে লোৱা ৰাষ্ট্ৰীয় সংকল্পত নিৰ্বাচনী উত্তাপৰ মাজতে হিমশীতল পানী ঢালিছে মিত্ৰ জে দি (ইউ)এ।

গেৰুৱা দল শাসনলৈ আহিলেও বিতৰ্কিত বিধেয়কখন গৃহীত কৰিব নোৱাৰে বুলি বুধবাৰে মন্তব্য কৰিছে বিহাৰৰ শাসক দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক কে চি ত্যাগীয়ে।

“আমাৰ সন্মতি নোহোৱাকে (মোদী) চৰকাৰে বিধেয়কখন ৰাজ্যসভাত পাৰণ কৰিব নোৱাৰে। মিত্ৰ হ’লেও বিধেয়কখনক লৈ বিজেপি আৰু আমাৰ স্থিতি পৃথক,” বিধেয়ক বিৰোধিতাৰ যুঁজত জে দি (ইউ)ৰ সমৰ্থন বিচাৰি যোৱা আছুৰ প্ৰতিনিধি দলক আশ্বাস জে দি (ইউ) নেতাজনৰ।

কেৱল সেয়ে নহয় অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়াৰ গণৰোষৰ মুখত পৰা বিধেয়কখন বিৰোধিতাৰ বিষয়টোৱে জে দি (ইউ)ৰ আসন্ন ইস্তাহাৰতো ঠাই পাব।

“আমি ইস্তাহাৰতো বিধেয়খনৰ বিৰোধিতা কৰিম,” অহা ১২ এপ্ৰিলত পাটনাত জে দি (ইউ)ৰ ইস্তাহাৰ প্ৰকাশ পাব বুলি জনাই এই মন্তব্য ত্যাগীৰ।

দলটোৰ মুৰব্বী, বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰে প্ৰথমৰে পৰা বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে।

দলটোৱে বিধেয়কখনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহকতো ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related News