• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘জুনিয়ৰ উকীল দাস নহয়, উপযুক্ত দৰমহা দিয়ক’: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2022 6:35 pm
CJI DY Chandrachud
116
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে যোৱা শনিবাৰে বাৰ কাউন্সিলৰ জ্যেষ্ঠ সদস্যসকলক তেওঁলোকৰ কনিষ্ঠ উকীলসকলক ন্যায্য পাৰিশ্ৰমিক দিবলৈ আহ্বান জনায়। ভাৰতীয় বাৰ কাউন্সিলৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে কণিষ্ঠ উকীলসকলে যাতে এক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাৰ বাবেই জ্যেষ্ঠ উকীলসকলে তেওঁলোকৰ কণিষ্ঠসকলক উপযুক্ত দৰমহা দিয়া উচিত।

ভাষণ প্ৰসংগত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে প্ৰশ্ন কৰি কয় যে “কিমান চিনিয়ৰে নিজৰ জুনিয়ৰক ভাল দৰমহা দিয়ে? কিছুমান যুৱ উকীলৰ চেম্বাৰো নাই য’ত তেওঁলোকক দৰমহা দিয়া হয়। আপুনি যদি দিল্লী, মুম্বাই, বাংগালুৰু বা কলকাতাত থাকে, তেন্তে অনুমান কৰক যুৱ উকীলসকলক জীৱন নিৰ্বাহৰ বাবে কিমান খৰচ হয়? তেওঁলোকে ভাড়া, পৰিবহণ ব্যয়কে আদি কৰি খাদ্যৰ যোগাৰ কৰাৰ কথাও থাকে।”

মুখ্য ন্যায়াধীশগৰাকীয়ে দৃঢ়তাৰে কয় যে এই পৰম্পৰা সলনি কৰিব লাগিব আৰু তেনে কৰাৰ দায়িত্ব বৃত্তিটোৰ জ্যেষ্ঠ সদস্য হিচাপে আমাৰ ওপৰতেই আছে।

ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লোৱাৰ বাবে ভাৰতীয় বাৰ কাউন্সিলৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয়, “বহু দিন ধৰি আমি আমাৰ পেছাত এই যুৱক-যুৱতী(কণিষ্ঠ উকীল)ক দাস বা শ্ৰমিক হিচাপে গণ্য কৰি আহিছো, কাৰণ আমি এনেকৈয়ে এনে এটা পৰিৱেশত ডাঙৰ হৈছো।”

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে জ্যেষ্ঠ উকীলসকলে কণিষ্ঠসকলৰ অত্যধিক কামৰ বোজা দি অহা সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উল্লেখ্য দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণৰ পিছতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ পৰা দেশবাসীয়ে ন্যায়িক দিশত যথেষ্ট প্ৰত্যাশা কৰিছে।

এগৰাকী প্ৰগতিশীল আৰু গণতান্ত্ৰিক চেতনাসম্পন্ন ন্যায়াধীশ বুলি নাম থকা মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে জ্যেষ্ঠ উকীলসকলে তেওঁলোকৰ কণিষ্ঠ উকীলসকলৰ ওপৰত চলাই অহা অৰ্থনৈতিক আৰু কায়িক দমনৰ বিৰুদ্ধে মুকলিকৈ মাত মাতি তেওঁৰ সামাজিক আৰু পেচাদাৰী দুয়োটা দায়ৱদ্ধতাৰ পৰিচয় দিয়ে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd