• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আম্বেদকাৰৰ উদ্ধৃতিৰে আৰএছএছৰ নিমন্ত্ৰণ অস্বীকাৰ দেশৰ মুখ্য ন্যায়াধীশৰ মাতৃৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2025 12:58 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ মাতৃ কমলতাই গাভাই-এ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা আয়োজিত বিজয়াদশমী আৰু শতবাৰ্ষিকী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাতৰিক নস্যাৎ কৰিছে।

শেহতীয়াকৈ এক বিবৃতি প্ৰকাশ কৰি ড০ কমলতাই গাভাইয়ে এই কথা প্ৰকাশ কৰে।

Apply Now

কমলতায়ে এখন হস্তলিখিত পত্ৰযোগে নিজকে ‘কঠোৰ আম্বেদকাৰপন্থী’ বাবে এই অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত থাকিব বুলি উল্লেখ কৰে।

ইয়াৰ পূৰ্বে কেইবাটাও সংবাদ প্ৰতিষ্ঠানে কমলতায়ে আৰএছএছৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছিল। কিন্তু কমলতায়ে নিজৰ পত্ৰত এই দাবীক আৰএছএছে প্ৰচাৰ কৰা “ষড়যন্ত্ৰ” বুলি চিহ্নিত কৰাৰ লগতে “সম্পূৰ্ণ মিছা” খবৰ বুলি উল্লেখ কৰে।

উল্লেখ্যে যে, অহা ৫ অক্টোবৰত মহাৰাষ্ট্ৰৰ অমৰাৱতী কিৰণ নগৰস্থিত শ্ৰীমতী নৰসম্মা মহাবিদ্যালয় ময়দানত আৰএছএছৰ অমৰাৱতী মহানগৰ শাখাই আয়োজন কৰা অনুষ্ঠানৰ বাবে কমলতাইক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।

পূৰ্বে ন্যায়াধীশ গাভাইৰ কনিষ্ঠ ভাতৃ ৰাজেন্দ্ৰ গাভাই-এ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এএনআইক জনাইছিল যে তেওঁৰ মাতৃ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছে।

সাক্ষাৎকাৰত ৰাজেন্দ্ৰই কয় যে ব্যক্তিগত সম্পৰ্কক ৰাজনৈতিক আদৰ্শৰ সৈতে সনা-পিটিকা কৰাটো উচিত নহয়।

ৰাজেন্দ্ৰ গাভাই-এ কয়, ‘মোৰ পিতৃ (আৰ এছ গাৱাই) দল নিৰ্বিশেষে বহু ৰাজনীতিবিদৰ ঘনিষ্ঠ আছিল। তেওঁ ইন্দিৰাজী আৰু অটল বিহাৰী বাজপেয়ীৰ ঘনিষ্ঠ আছিল আৰু বিভিন্ন অনুষ্ঠানত অংশ লৈছিল। তাৰ অৰ্থ এইটো নহয় যে তেওঁ নিজৰ ৰাজনৈতিক দৃষ্টিভংগীৰ সৈতে আপোচ কৰিছিল।’

ৰাজেন্দ্ৰ গাভাই-এ আৰু কয় যে যিটো অনুষ্ঠানলৈ তেওঁৰ মাতৃ কমলতাইক আমন্ত্ৰণ জনোৱা হৈছিল সেয়া “মূল অনুষ্ঠান” নহয়।

ৰাজেন্দ্ৰই দাবী কৰে যে, ‘মোৰ দেউতায়ো বিগত সময়ত নিমন্ত্ৰণ গ্ৰহণ কৰি বিভিন্ন অনুষ্ঠানত অংশ লৈছিল।মায়ে কেৱল সেই কাৰণেই নিমন্ত্ৰণ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল।’

উল্লেখ্য যে, বি আৰ গাভাইৰ পিতৃ আৰ এছ গাভাই ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ আছিল। লগতে বিহাৰ আৰু কেৰালাৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি আম্বেদকাৰবাদী আন্দোলনৰ জ্যেষ্ঠ নেতা হিচাপে তেঁও ভাৰতীয় ৰিপাব্লিকান পাৰ্টি (আৰ পি আই)ৰ সৈতে জড়িত হৈ নিজাকৈ এটা ফৈদ আৰ পি আই (গাভাই) প্ৰতিষ্ঠা কৰিছিল।

আজি ২৯ ছেপ্টেম্বৰত ৰাজেন্দ্ৰ গাৱাইৰ প্ৰেছ বিবৃতিৰ কিছু ঘণ্টাৰ ভিতৰতে কমলতাইৰ চিঠিখন সংবাদ মাধ্যমত প্ৰচাৰ হ’ল। ইয়াৰ উত্তৰত ৰাজেন্দ্ৰই স্বতন্ত্ৰ সংবাদ মাধ্যম দ্য ৱায়াৰক জনাই যে, ‘মই মোৰ মাক সমৰ্থন কৰোঁ। যদি তেখেতে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয় তথাপিও মই সমৰ্থন কৰিম আৰু যদি ইয়াৰ বিৰুদ্ধে সিদ্ধান্ত লৈছে তেন্তে মই সেইটোতো সমৰ্থন কৰোঁ।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd