উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’বলৈ আগবাঢিছে ন্যায়াধীশ সূৰ্য্য কান্ত। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইয়ে ন্যায়াধীশ সূৰ্য্য কান্তৰ নাম তেওঁৰ উত্তৰাধিকাৰী হিচাপে কেন্দ্ৰক পৰামৰ্শ দিছে।
আইন মন্ত্ৰালয়ৰ অনুমোদনৰ পিছতে ক্ষমতা হস্তান্তৰ হ’ব। ২৩ নৱেম্বৰত মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইৰ কাৰ্যকালৰ অন্ত পৰিব। ইয়াৰ পিছত ২৪ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্য্য কান্তে।
ন্যায়াধীশ সূৰ্য কান্ত বৰ্তমান উচ্চতম ন্যায়ালয়ৰ দ্বিতীয় জ্যেষ্ঠ ব্যক্তি। পৰম্পৰা অনুসৰি বি আৰ গাভাইয়ে মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ নাম ছুপাৰিশ কৰিছে। সূৰ্য্য কান্তৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যকাল ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈ হ’ব। সেই ক্ষেত্ৰত তেওঁ ১৪ মাহতকৈ অধিক সময় মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।
ন্যায়াধীশ সূৰ্য্য কান্তৰ পৰিচয়
১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ হিছাৰৰ এখন গাঁৱৰ এটা সাধাৰণ পৰিয়ালত ন্যায়াধীশ সূৰ্য্য কান্তৰ জন্ম হৈছিল। যদিও পৰিয়ালটোৰ কোনো লোক আইন সম্পৰ্কীয় কোনো বৃত্তিৰ সৈতে জড়িত নাছিল, তথাপিও তেওঁ নিজৰ ইচ্ছাৰ বাবেই এই বৃত্তিটো বাছি লৈছিল।
তেওঁৰ দেউতাক আছিল শিক্ষক। গাঁৱৰ এখন বিদ্যালয়ৰ পৰাই প্ৰাথমিক শিক্ষা সমাপ্ত কৰে। পৰৱৰ্তী সময়ত ন্যায়াধীশগৰাকীয়ে ১৯৮১ চনত হিছাৰৰ চৰকাৰী স্নাতকোত্তৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ১৯৮৪ চনত ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰে।
সূৰ্য কান্তে হিছাৰ জিলা আদালতত অধিবক্তা হিচাপে নিজৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল। পিছত চণ্ডীগড়লৈ গৈ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত ওকালিত কৰে।
২০০১ চনৰ মাৰ্চ মাহত তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়। ২০০৪ চনৰ ৯ জানুৱাৰীত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে উন্নীত নোহোৱালৈকে তেওঁ হাৰিয়ানাৰ এডভোকেট জেনেৰেল আছিল।
২০১৯ চনৰ মে’ মাহত তেওঁ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে যোগদান কৰে। ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৫ অক্টোবৰৰ পৰা হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ন্যায়াধীশ সূৰ্য্য কান্ত হ’ব প্ৰথমজন মুখ্য ন্যায়াধীশ যাৰ জন্মস্থান হাৰিয়ানা।





