Lawyer without a brief is like Sachin without a bat অধিবক্তাগৰাকীয়ে কাগজ পত্ৰ আৰু ব্ৰিফ (বিৱৰণী) অবিহনে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আদালতত উপস্থিত হৈছিল। তাতেই অসন্তুষ্ট হৈ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অধিবক্তাজনক ভৰ্ৎসনা কৰে।
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানি আৰম্ভ হোৱাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে লক্ষ্য কৰে যে অধিবক্তাগৰাকীয়ে গোচৰটোৰ সৈতে সম্পৰ্কিত নথিপত্ৰ আদালতলৈ অনা নাই। ন্যায়াধীশ চন্দ্ৰচূড়ে তেতিয়া অধিবক্তাগৰাকীৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি তেওঁক ভৰ্ৎসনা কৰে।
লগতে পঢ়ক: অভূতপূৰ্ব সিদ্ধান্ত! চেতন শৰ্মা নেতৃত্বাধীন নিৰ্বাচক সমিতিক বৰ্খাস্ত কৰিলে বিচিচিআইয়ে
মুখ্য ন্যায়াধীশগৰাকীয়ে সংশ্লিষ্ট অধিবক্তাগৰাকীক কয়, “আপুনি আপোনাৰ অধিবক্তাৰ গাউন পিন্ধি আছে। কিন্তু আপোনাৰ হাতত কোনো কাগজ নাই। এইটো দেখি মোৰ লাগিছে।‘’
ন্যায়াধীশ চন্দ্ৰচূড়ে লগতে কয়, “ব্ৰিফ (গোচৰ সংক্ৰান্ত নথি) অবিহনে এগৰাকী অধিবক্তা বেট অবিহনে শচীন টেণ্ডুলকাৰৰ দৰে।‘’ পিছত মুখ্য ন্যায়াধীশে অধিবক্তাগৰাকীক নিৰ্দেশ দি কয়, ‘’এতিয়াৰ পৰা গোচৰৰ প্ৰয়োজনীয় নথিপত্ৰ হাতত ৰাখিব।” অধিবক্তাগৰাকীয়ে ইয়াত সন্মতি প্ৰকাশ কৰে।
উল্লেখ্য যে আইনী বিষয়ৰ উপৰিও ন্যায়াধীশ চন্দ্ৰচূড়ে উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনিক বিষয়বোৰৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছে। শুকুৰবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নিৰ্দেশ দিয়ে যে উচ্চতম ন্যায়ালয়ৰ প্ৰতিটো বিচাৰপীঠে দৈনিক ভিত্তিত কমেও ১০ টা বদলিৰ আৰু জামিনৰ গোচৰৰ শুনানি ল’ব লাগিব। তেওঁৰ যুক্তি হৈছে যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
লগতে পঢ়ক: বৈদেশিক মন্ত্ৰালয়তে পাকিস্তানৰ গুপ্তচৰ! আৰক্ষীৰ জালত গাড়ী চালক
এই প্ৰসংগতে তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ ১৩ খন বিচাৰপীঠৰ দ্বাৰা প্ৰতি সপ্তাহত কমেও ৬৫০ টা গোচৰৰ শুনানি হোৱা উচিত। উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি, প্ৰায় ১৩,০০০ বদলিৰ গোচৰ এতিয়াও শুনানিৰ বাবে অপেক্ষা কৰি আছে। ন্যায়াধীশ চন্দ্ৰচূড়ে শেহতীয়াকৈ গোচৰসমূহৰ তালিকাভুক্তি সন্দৰ্ভতো এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছিল।