• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বেট অবিহনে শচীন টেণ্ডুলকাৰ’! ভৰা আদালতত অধিবক্তাক ভৰ্ৎসনা মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2022 10:22 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Lawyer without a brief is like Sachin without a bat অধিবক্তাগৰাকীয়ে কাগজ পত্ৰ আৰু ব্ৰিফ (বিৱৰণী) অবিহনে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আদালতত উপস্থিত হৈছিল। তাতেই অসন্তুষ্ট হৈ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অধিবক্তাজনক ভৰ্ৎসনা কৰে।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানি আৰম্ভ হোৱাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে লক্ষ্য কৰে যে অধিবক্তাগৰাকীয়ে গোচৰটোৰ সৈতে সম্পৰ্কিত নথিপত্ৰ আদালতলৈ অনা নাই। ন্যায়াধীশ চন্দ্ৰচূড়ে তেতিয়া অধিবক্তাগৰাকীৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি তেওঁক ভৰ্ৎসনা কৰে।

লগতে পঢ়ক: অভূতপূৰ্ব সিদ্ধান্ত! চেতন শৰ্মা নেতৃত্বাধীন নিৰ্বাচক সমিতিক বৰ্খাস্ত কৰিলে বিচিচিআইয়ে

Apply Now

মুখ্য ন্যায়াধীশগৰাকীয়ে সংশ্লিষ্ট অধিবক্তাগৰাকীক কয়, “আপুনি আপোনাৰ অধিবক্তাৰ গাউন পিন্ধি আছে। কিন্তু আপোনাৰ হাতত কোনো কাগজ নাই। এইটো দেখি মোৰ লাগিছে।‘’

ন্যায়াধীশ চন্দ্ৰচূড়ে লগতে কয়, “ব্ৰিফ (গোচৰ সংক্ৰান্ত নথি) অবিহনে এগৰাকী অধিবক্তা বেট অবিহনে শচীন টেণ্ডুলকাৰৰ দৰে।‘’ পিছত মুখ্য ন্যায়াধীশে অধিবক্তাগৰাকীক নিৰ্দেশ দি কয়, ‘’এতিয়াৰ পৰা গোচৰৰ প্ৰয়োজনীয় নথিপত্ৰ হাতত ৰাখিব।” অধিবক্তাগৰাকীয়ে ইয়াত সন্মতি প্ৰকাশ কৰে।

উল্লেখ্য যে আইনী বিষয়ৰ উপৰিও ন্যায়াধীশ চন্দ্ৰচূড়ে উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনিক বিষয়বোৰৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছে। শুকুৰবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নিৰ্দেশ দিয়ে যে উচ্চতম ন্যায়ালয়ৰ প্ৰতিটো বিচাৰপীঠে দৈনিক ভিত্তিত কমেও ১০ টা বদলিৰ আৰু জামিনৰ গোচৰৰ শুনানি ল’ব লাগিব। তেওঁৰ যুক্তি হৈছে যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

লগতে পঢ়ক: বৈদেশিক মন্ত্ৰালয়তে পাকিস্তানৰ গুপ্তচৰ! আৰক্ষীৰ জালত গাড়ী চালক

এই প্ৰসংগতে তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ ১৩ খন বিচাৰপীঠৰ দ্বাৰা প্ৰতি সপ্তাহত কমেও ৬৫০ টা গোচৰৰ শুনানি হোৱা উচিত। উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি, প্ৰায় ১৩,০০০ বদলিৰ গোচৰ এতিয়াও শুনানিৰ বাবে অপেক্ষা কৰি আছে। ন্যায়াধীশ চন্দ্ৰচূড়ে শেহতীয়াকৈ গোচৰসমূহৰ তালিকাভুক্তি সন্দৰ্ভতো এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd