মুম্বাইৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগৰ মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ সায়ডোংগাৰ পাহাৰত এতিয়া নিমাওমাও পৰিৱেশ। পাহাৰৰ বুকুত কটা গছৰ গুৰিবোৰত এতিয়াও চকৰে লিখা নম্বৰ স্পষ্ট হৈ আছে। ৩,০০০ মেগাৱাট ক্ষমতাসম্পন্ন পাম্পড ষ্ট’ৰেজ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে আৰম্ভ কৰা গছ কটাৰ কামৰ ফলত ইতিমধ্যে প্ৰায় ১,১০০ জোপা মূল্যৱান গছ ধ্বংস হৈছে। প্ৰকল্পটোৰ বাবে মুঠ ৩৭৭ হেক্টৰ বনভূমি আৰু ৩২ হাজাৰৰো অধিক গছ কটাৰ পৰিকল্পনা কৰা হৈছে। ইয়াকে লৈ এতিয়া তীব্ৰ উদ্বেগ সৃষ্টি হৈছে অঞ্চলটোৰ পৰিৱেশবিদ আৰু স্থানীয় জনজাতীয় লোকসকলৰ মাজত।
টৰেণ্ট পাৱাৰ নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৱে প্ৰায় ১৩,৫০৫ কোটি টকা ব্যয় সাপেক্ষে ২০২৯ চনৰ ভিতৰত প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ লক্ষ্য লৈছে। কিন্তু বন ধ্বংসৰ বিৰুদ্ধে স্থানীয় লোক আৰু বিৰোধী পক্ষই প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে বন বিভাগে সাময়িকভাৱে গছ কটাৰ কাম বন্ধ ৰাখিছে। পাহাৰীয়া অঞ্চলটোত বনকৰ্মীয়ে পহৰা দি থকাৰ অভিযোগো উত্থাপন হৈছে। স্থানীয় লোকসকলক বনাঞ্চলৰ পৰা খৰি সংগ্ৰহ কৰাত বাধা দিয়া বুলি অভিযোগ কৰিছে একাংশ গাঁওবাসীয়ে।
সায়ডোংগাৰ পাহাৰৰ আশে-পাশে পালি গাঁওকে ধৰি ছটা সৰু জনপদ আছে। এই অঞ্চলসমূহত মূলতঃ কাটকাৰী জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে তেওঁলোকে। বনাঞ্চলৰ পৰা খৰি সংগ্ৰহ কৰি বিক্ৰী কৰি প্ৰতিদিনে ১৫০ৰ পৰা ২০০ টকা পৰ্যন্ত উপাৰ্জন কৰে বহু পৰিয়ালে। ইয়াৰ উপৰি হাবিৰ পৰা মৌ, মহুৱা, জাম আৰু মধুৰীআম সংগ্ৰহ কৰি চলে তেওঁলোকৰ পৰিয়াল।
কেৱল উপাৰ্জনৰ উৎসই নহয়, এই অৰণ্যই তেওঁলোকৰ বাবে প্ৰাকৃতিক চিকিৎসালয়ৰ দৰেও কাম কৰি আহিছে। নিম, গুলভেল আৰু আদুলছাৰ দৰে ঔষধি উদ্ভিদৰ ওপৰতেই নিৰ্ভৰ কৰে বহু স্থানীয় লোক। ক’ভিড মহামাৰীৰ কঠিন সময়তো বনাঞ্চলৰ পৰা সংগ্ৰহ কৰা বনৌষধিৰে তৈয়াৰী পানীয় ব্যৱহাৰ কৰি সুস্থ হৈ আছিল বুলি দাবী কৰিছে জনজাতীয় নেতা নানা বাৰকুৱে। সেয়ে বনাঞ্চল ধ্বংস হ’লে কেৱল জীৱিকাই নহয়, তেওঁলোকৰ পৰম্পৰা, সংস্কৃতি আৰু জীৱন-যাপন পদ্ধতিও বিপদৰ সন্মুখীন হ’ব বুলি আশংকা কৰিছে প্ৰায় ১৫০টা জনজাতীয় পৰিয়ালে।
আনহাতে, বন অধিকাৰ আইন, ২০০৬ অনুসৰি কোনো প্ৰকল্পৰ বাবে বনভূমি হস্তান্তৰ কৰাৰ পূৰ্বে সেই বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ পৰম্পৰাগত অধিকাৰ সুৰক্ষিত কৰাটো জৰুৰী। ইয়াৰ লগতে গাঁওসভাৰ জৰিয়তে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ প্ৰস্তাৱ দাখিল কৰাৰ ব্যৱস্থাও আছে। কিন্তু বন বিভাগৰ দাবী, পালি গাঁওসভাৰ পৰা এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য বা আবেদন লাভ কৰা হোৱা নাছিল। সেইবাবেই পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈয়ে প্ৰকল্পটোৰ চূড়ান্ত অনুমতি প্ৰদান কৰিছে। ইয়াৰ ফলত পুৰুষানুক্ৰমে অঞ্চলটোত বসবাস কৰি অহা লোকসকলে নিজৰ মাটি আৰু ক্ষতিপূৰণৰ অধিকাৰ হেৰুওৱাৰ আশংকা প্ৰকাশ কৰিছে।
এই প্ৰকল্পক লৈ পৰিৱেশবিদসকলৰ উদ্বেগৰ আন এক কাৰণ হৈছে সহ্যাদ্ৰী পৰ্বতমালাৰ পৰিৱেশগত গুৰুত্ব। ২০১১ চনত পৰিৱেশবিদ মাধৱ গাডগিলৰ নেতৃত্বত গঠন কৰা সমিতিয়ে সহ্যাদ্ৰী অঞ্চলৰ একাংশক অতি সংবেদনশীল অঞ্চল হিচাপে চিহ্নিত কৰি তাত বৃহৎ নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ পৰামৰ্শ দিছিল। কিন্তু সেই পৰামৰ্শ কাৰ্যকৰী নহ’ল। ইয়াৰ উপৰি প্ৰকল্পটোৰ সমীক্ষা চলোৱা অঞ্চলত নাহৰফুটুকী বাঘ, ভালুক, ম’ৰা চৰাই আৰু অজগৰকে ধৰি বন্যপ্ৰাণী সুৰক্ষা আইনৰ প্ৰথম অনুসূচীত অন্তৰ্ভুক্ত ২৬বিধ প্ৰজাতিৰ উপস্থিতিৰ তথ্য লাভ কৰা হৈছে।
বনাঞ্চল ধ্বংসৰ প্ৰভাৱ কেৱল মহাৰাষ্ট্ৰতে সীমাবদ্ধ নাথাকিব পাৰে বুলিও আশংকা কৰিছে গৱেষকসকলে। আইআইটি বোম্বে আৰু বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণা পৰিষদৰ গৱেষণাত সহ্যাদ্ৰীৰ ঘন বনাঞ্চলৰ পৰা সৃষ্টি হোৱা জলীয় বাষ্প তামিলনাডু আৰু কাবেৰী অৱবাহিকাৰ বৰষুণৰ অন্যতম উৎস বুলি উল্লেখ কৰা হৈছে। গৱেষকসকলৰ মতে, বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংস হ’লে তামিলনাডুৰ উষ্ণতা বৃদ্ধিৰ লগতে মৌচুমী বতাহৰ স্বাভাৱিক চক্ৰতো প্ৰভাৱ পৰিব পাৰে।
আনহাতে, মহাৰাষ্ট্ৰ চৰকাৰ আৰু প্ৰকল্প নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে ইয়াক শক্তি উৎপাদনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰিছে। ৰাজ্যখনৰ বিদ্যুতৰ প্ৰায় ৭৪ শতাংশই কয়লাভিত্তিক তাপবিদ্যুৎ প্ৰকল্পৰ পৰা আহে। উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিশ আৰু প্ৰকল্পটোৰ সমৰ্থকসকলৰ মতে, কয়লাভিত্তিক বিদ্যুতৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে সৌৰ আৰু বায়ুশক্তিৰ পৰা উৎপাদিত অতিৰিক্ত বিদ্যুৎ সংৰক্ষণৰ বাবে এই প্ৰকল্পৰ প্ৰয়োজন আছে।
এই পদ্ধতিত সৌৰ আৰু বায়ুশক্তিৰ পৰা উৎপাদিত অতিৰিক্ত বিদ্যুৎ ব্যৱহাৰ কৰি পাহাৰৰ তলৰ জলাধাৰৰ পৰা পানী ওপৰৰ জলাধাৰলৈ পাম্প কৰি তোলা হ’ব। পিছত বিদ্যুতৰ চাহিদা বৃদ্ধি পোৱাৰ সময়ত সেই পানী পুনৰ তললৈ নমাই টাৰ্বাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হ’ব। অৰ্থাৎ অতিৰিক্ত বিদ্যুৎ ব্যৱহাৰ কৰি পানী ওপৰলৈ তোলা আৰু প্ৰয়োজনৰ সময়ত সেই পানীৰে পুনৰ বিদ্যুৎ উৎপাদন কৰাই এই প্ৰকল্পৰ মূল লক্ষ্য।
প্ৰতিষ্ঠানটোৰ দাবী অনুসৰি, প্ৰকল্পটোৰ বিনিময়ত সাতাৰা জিলাৰ ২৫৩ হেক্টৰ ভূমিত ক্ষতিপূৰণমূলক বনসৃজন কৰা হৈছে। এই ভূমিত প্ৰায় এক লাখ গছ ৰোপণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰি স্থানীয় জনজাতীয় লোকসকলৰ বাবে ৫০খন বিচনাযুক্ত বিশেষ চিকিৎসালয় নিৰ্মাণ, নিশাৰ আলোকসজ্জাৰ ব্যৱস্থা আৰু কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে প্ৰতিষ্ঠানটোৱে।
কিন্তু চৰকাৰ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ এই প্ৰতিশ্ৰুতিয়ে স্থানীয় লোকসকলৰ আশংকা দূৰ কৰিব পৰা নাই। তেওঁলোকৰ প্ৰশ্ন, যি অৰণ্যই যুগ যুগ ধৰি তেওঁলোকক খাদ্য, জীৱিকা আৰু ঔষধ যোগান ধৰি আহিছে, সেই অৰণ্য ধ্বংস হ’লে নতুন চিকিৎসালয় অথবা বিদ্যুৎ প্ৰকল্পই তেওঁলোকৰ হেৰাই যোৱা জীৱন ঘূৰাই দিব পাৰিবনে? উন্নয়নৰ নামত বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰা হৈছে, কিন্তু তাৰ মূল্য ভৰিবলগীয়া হৈছে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি অহা জনজাতীয় পৰিয়ালসমূহে।





