• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈ বহুত শক্তিশালী : ন্যায়াধীশ অৰবিন্দ ব’বডে

মাৰাঠী ভাষাৰ সৈতে অসমীয়া ভাষাৰ এটা শব্দ একে, সেইটো হৈছে 'আই' : পৰৱৰ্তী মুখ্য ন্যায়াধীশ অৰবিন্দ ববডে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 10, 2019 9:05 pm
Ranjan Gogoi

“ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ” শীৰ্ষক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু অন্যান্যসকল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অযোধ্যৰ ৰায় দি দেশজুৰি চৰ্চিত হোৱা দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বহুত শক্তিশালী আখ্যা দিছে দেশৰ পৰৱৰ্তী ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে। আজি গুৱাহাটীত এটা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য ন্যায়াধীশৰ সৈতে উপস্থিত আছিল ব’বডে।

মুখ্য ন্যায়াধীশ গগৈ আৰু ন্যায়াধীশ ব’বডেই মহানগৰীৰ মাছখোৱাস্থিত আই টি এ প্ৰাগজ্যোতি প্ৰকল্পত হোৱা অনুষ্ঠানটোত “ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে।

Apply Now

তেওঁলোক দুজনৰ উপৰি গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যৰ মুখ্য মন্ত্ৰী সোণোৱাল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাকে ধৰি অন্যান্য বিশিষ্ট লোকসকল।

৯ নৱেম্বৰত চূড়ান্ত ৰায়দানেৰে দীৰ্ঘতম অযোধ্যা বিবাদটোৰ অন্ত পেলোৱা ন্যায়াধীশ গগৈয়ে আজি অনুষ্ঠানত ভাগ লয় যদিও তেওঁ এই “বিখ্যাত” ৰায়টো সম্বন্ধে কোনো মন্তব্য কৰিবলৈ অগ্ৰাহ্য কৰে।

উন্মোচিত গ্ৰন্থখন ইংৰাজী গ্ৰন্থ “Courts Of India : Past to Present”-ৰ অসমীয়া অনুবাদ।

অসমীয়ালৈ অনুবাদ কৰিছে বিশেষ সম্পাদকৰ ভূমিকা লোৱা সুৰেশ শৰ্মাৰ লগতে ডিটিমণি গগৈ, চয়নিকা চৌধুৰী, অৰ্চনা দেৱী, কংকনা বৰা, অপৰ্ণা দেৱী শৰ্মা, মায়াশ্ৰী মহন্ত আৰু জাহ্নৱী গগৈয়ে। অনুবাদ গ্ৰন্থখন প্ৰকাশ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে ৩৫ লাখ টকাৰ সাহায্য দিয়া বুলি জানিব পৰা গৈছে।

গ্ৰন্থখন উন্মোচন কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়, “এইটো মোৰ কাৰ্য্যকালৰ অন্তিমটো ৰাজহুৱা অনুষ্ঠান। মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ।”

কালিৰ ৰায়টো সম্বন্ধে মন্তব্য আশা কৰি থকাসকলক নিৰাশ কৰি ন্যায়াধীশজনে স্পষ্টকৈ কয়, “মই অন্যান্য বিষয় বা বিতৰ্কিত বিষয়ৰ ওপৰত আজি একো নকওঁ।”

কিতাপখনৰ আন ভাষাৰ সংস্কৰণো থকা বুলি ইংগিত দি তেওঁ কয়, “এই কিতাপখন ব’বডে আৰু মই যোৱা বছৰো অন্য ভাষাত উন্মোচন কৰিছিলো। কিতাপখন গধুৰ, কিন্তু ভাল। আইনৰ ছাত্ৰ-ছাত্ৰীসকলে এই কিতাপখন পঢ়িব লাগে।”

আনহাতে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে কেইবাজনো অসমীয়াৰ নাম শ্ৰদ্ধাৰে লয়। তেওঁ কয়, “তৰুণৰাম ফুকন, ফকৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈ, -এইসকলক মই শ্ৰদ্ধা কৰো।”

অসমীয়া ভাষাৰ সৈতেও তেওঁৰ মাতৃভাষা মাৰাঠীৰ সম্পৰ্ক দেখুৱাই ন্যায়াধীশজনে কয়, “মাৰাঠী ভাষাৰ সৈতে অসমীয়া ভাষাৰ এটা শব্দ একে, সেইটো হৈছে ‘আই’”।

অনুষ্ঠানটোত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি অসমবাসীৰ বাবে সৌভাগ্যৰ দিন। আজি আপোনাৰ উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিছে। অযোধ্যা সন্দৰ্ভত আপুনি দিয়া ৰায়ক সন্মান জনাইছো।”

তেওঁ গগৈৰ কিতাপখনৰ অসমীয়া অনুবাদটো আপুৰুগীয়া সম্পদ বুলি কৈ কয়, “কাৰণ যিসকল আইনজ্ঞই বিভিন্ন ঐতিহাসিক ৰায়েৰে আমাৰ দেশৰ আইন ব্যৱস্থা অধিক শক্তিশালী কৰিলে, তেওঁলোকলৈ শ্ৰদ্ধা জনোৱাৰ বাবে এইখন কিতাপেই সৰ্বোত্তম।”

“কালি ঐতিহাসিক শুনানিটোক লৈ সকলো গৌৰৱান্বিত। মই অসমীয়া হিচাপে গৌৰাম্বিত,” সোণোৱালৰ মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

August 17, 2026 6:28 pm
শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

August 17, 2026 5:52 pm
লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

August 17, 2026 6:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd