NORTHEAST NOW (Assamese)

CJI N V Ramana: ডাঙৰ ছাত্ৰ নেতাৰ অভাৱ গণতন্ত্ৰৰ বাবে ভাল কথা নহয়: দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা

December 10, 2021 10:48 am · এন ই নাও নিউজ, নতুন দিল্লী
দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা।

CJI N V Ramana ডাঙৰ ছাত্ৰ নেতাৰ অভাৱ গণতন্ত্ৰৰ বাবে ভাল কথা নহয়। এই মন্তব্য দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ।

বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ ৰামানাই কয় যে ছাত্ৰসকলে সদায় অন্যায়ৰ বিৰুদ্ধে মাত মাতে, কিন্তু বিগত কেই দশকত ছাত্ৰ সম্প্ৰদায়ৰ মাজৰ পৰা কোনো ডাঙৰ নেতা উঠি অহা দেখা যোৱা নাই।

তেওঁ কয় যে যুৱ সম্প্ৰদায় সামাজিক তথা ৰাজনৈতিকভাৱে সজাগ। তেনেকৈ শিক্ষা, খাদ্য, কাপোৰ, স্বাস্থ্য, গৃহ আদিৰ দৰে বিষয়সমূহ ৰাষ্ট্ৰীয় স্তৰত প্ৰধান বিষয় হৈ পৰিছে।

Also Read: Big Land Scam: ভূমি কেলেংকাৰী; নিজৰ চাৰ্টিফিকেট নিজেই দিলে মুখ্যমন্ত্ৰীয়ে

দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে দিল্লীত নেশ্যনেল ল ইউনিভৰ্ছিটিৰ অষ্টম সমাৱৰ্তনত উপস্থিত থাকি এই মন্তব্য কৰে।

তেওঁ কয় যে দূৰদৃষ্টিসম্পন্ন তথা নিয়মানুৱৰ্তী ছাত্ৰসকলে স্পষ্ট ভাৱনা লৈ ৰাজহুৱা জীৱনলৈ ওলাই অহাটো প্ৰয়োজন কিয়নো এনেকুৱা যুৱ নেতাসকল শক্তিশালী গণতন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।

মুখ্য ন্যায়াধীশ ৰামানাই কয় যে ছাত্ৰসকলে সম্প্ৰতিক আলোচনাবোৰ অংশগ্ৰহণ কৰাটো আৰু এক স্পষ্ট দৃষ্টিভংগী থকাটো প্ৰয়োজন যাতে তেওঁলোকে সংবিধান অনুসৰি ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্মাণ  কৰিব পাৰে।

Also Read: Vicky-Katrina Wedding: প্ৰতীক্ষাৰ অৱসান! বিয়া সম্পন্ন হ’ল; চাওক ভিকি-কেটৰিনাৰ বিয়াৰ ফটো

এই সমাৱৰ্তন অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু অন্যান্য ন্যায়াধীশসকলো উপস্থিত আছিল।   

Related News