• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 2:32 pm
89
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰা ধাৰাবাহিক অনিয়মৰ প্ৰতিবাদত দিল্লীৰ যন্তৰ মন্তৰত দেশবাসীয়ে এক অভূতপূৰ্ব আৰু উদ্ভাৱনীমূলক প্ৰতিবাদৰ সাক্ষী হৈ পৰিছে। শনিবাৰে ৰাজধানী দিল্লীৰ মাজমজিয়াত দ্বিতীয় বৃহত্তম গণ প্ৰতিবাদ সাব্যস্ত কৰিছে ব্যংগাত্মক সংগঠন ‘ককৰোচ জনতা পাৰ্টি’য়ে। এই প্ৰতিবাদত যোগদান কৰিবলৈ অহা প্ৰতিবাদকাৰীসকলে ষ্টীলৰ কাঁহী আৰু চামুচ লৈ অহা দেখা গ’ল!

২০২০ চনত ক’ৰোনা মহামাৰীৰ আৰম্ভণিতে প্ৰথমশাৰীৰ ক’ভিড যোদ্ধাসকলক সন্মান জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিয়া ‘কাঁহী-বাতি বজোৱা’ৰ আহ্বানক অস্ত্ৰ হিচাপে প্রয়োগ কৰি কেন্দ্রীয় শিক্ষামন্ত্রীগৰাকীৰ পদত্যাগৰ দাবী জনায় প্রতিবাদকাৰীসকলে৷

Apply Now

অৱশ্যে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ২০২০ চনৰ মহামাৰীৰ আহ্বানৰ বিষয়ে পোনপটীয়াকৈ ব্যাখ্যা কৰা নাই। শুকুৰবাৰে প্ৰকাশ পোৱা এক ভিডিঅ’ বাৰ্তাত তেওঁ সমৰ্থকসকলক কয় যে, “কাইলৈ ​​যন্তৰ মন্তৰত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ অহা সকলো পঁইতাচোৰা বা সমৰ্থকে লগত কাঁহী আৰু চামুচ লৈ আহিব । বাকী কাহিনীটো আপোনালোকেতো ভালদৰেই জানে।”

আচলতে এই ‘কাহিনীৰ বাকী’ লুকাই আছে ২০২২ চনৰ ২২মাৰ্চৰ ইতিহাসত।সেই সময়ত ‘জনতা কাৰ্ফিউ’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সন্ধিয়া ৫ বজাত ৫ মিনিটৰ বাবে ঘৰৰ বেলকনি বা দুৱাৰত থিয় হৈ কাঁহী-বাতি বা বাচন-বৰ্তন বজাই প্ৰথমশাৰীৰ কোভিড যোদ্ধাৰ সৈতে সংহতি প্ৰকাশ কৰিবলৈ আহ্বান জনাইছিল। পিছলৈ বিৰোধীয়ে বাৰে বাৰে এই কাঁহী-বাতি বজোৱা বিষয়টোক প্ৰতীকী আহিলা হিচাপে ব্যৱহাৰ কৰি মোডী চৰকাৰৰ বিভিন্ন নীতিক সমালোচনা আৰু উপহাস কৰিছে। এইবাৰ এই ছাত্ৰ সংগঠনটোৱেও NEET গোচৰতো একে পথ বাছি লৈছে।

শনিবাৰে দিনৰ ১ বজাৰ পৰা যন্তৰ মন্তৰত আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত দিল্লীৰ লগতে চুবুৰীয়া ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰিছে। যোৱা মাহত এক্স আৰু ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আত্মপ্ৰকাশ কৰাৰ পিছত চলিত মাহৰ আৰম্ভণিতে সংস্থাটোৱে প্ৰথমটো অন-গ্ৰাউণ্ড আন্দোলন আৰম্ভ কৰিছিল। ফলত শনিবাৰে দ্বিতীয় পৰ্যায়ৰ প্ৰতিবাদৰ পূৰ্বে যন্তৰ মন্তৰ চৌহদত নিৰাপত্তা কটকটীয়া কৰিছে প্ৰশাসনে। ৰিয়েল টাইম বা নিবিড় নিৰীক্ষণৰ বাবে সমগ্ৰ অঞ্চলটোত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে।

অহা ২১ জুনত NEET-UG পৰীক্ষা পুনৰ অনুষ্ঠিত হোৱাৰ কথা। কিন্তু সংগঠনটোৰ মূল আৰু কেন্দ্ৰীয় দাবী হৈছে প্ৰশ্নকাকত ফাদিল আৰু সামগ্ৰিক প্ৰৱঞ্চনাৰ নৈতিক দায়িত্ব লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শীঘ্ৰে পদৰ পৰা পদত্যাগ কৰক।

দিল্লীলৈ যোৱাৰ পূৰ্বে অভিজিৎ দীপকে মহাৰাষ্ট্ৰৰ হিংগোলী জিলাৰ নিজৰ গাঁও সন্তুক পিম্পৰিৰ সাংবাদিকক সম্বোধন কৰি আন কেইবাটাও বিষয়ত কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে। বিশেষকৈ NEET পৰীক্ষাৰ প্ৰাকক্ষণত কেন্দ্ৰই টেলিগ্ৰামত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। দীপকে কয়, “এই সিদ্ধান্ত গাঁতটো মেৰামতি নকৰি সমগ্ৰ পথটো বন্ধ কৰাৰ দৰেই। টেলিগ্ৰাম নিষিদ্ধ কৰাৰ এই সিদ্ধান্তত কোনো যুক্তি নাই।”

এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, এই প্ৰসংগত দীপকে কয় যে NEET বিতৰ্কৰ বাবে দেশত ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে। প্ৰধানমন্ত্ৰীৰ পৰা ১ কোটি টকা ক্ষতিপূৰণ দাবী কৰা হৈছে।

ইতিমধ্যে চিজেপিৰ মুৰব্বী অভিজিৎ দীপকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ মুকলি পত্ৰ প্ৰেৰণ কৰিছে। ইয়াত তেওঁ NEET বিতৰ্কৰ বাবে যোৱা কেইটামান সপ্তাহত আত্মহত্যা কৰা ১১ জন প্ৰাৰ্থীৰ মৃত্যুৰ ওপৰত আলোকপাত কৰি প্ৰতিটো পৰিয়ালক ১ কোটি টকাৰ আৰ্থিক ক্ষতিপূৰণৰ দাবী জনায়।

চিঠিখনত তেওঁ লিখিছে, “মই আজি আপোনালৈ এই চিঠিখন অতি দুখ মনেৰে লিখিছো, যাতে আমাৰ দেশৰ ভৱিষ্যতৰ এই তীব্ৰ সংকট অৰ্থাৎ যুৱ ছাত্ৰ-ছাত্ৰীৰ জীৱন আৰু মানসিক সুস্থতাৰ প্ৰতি আপোনালোকৰ জৰুৰী দৃষ্টি আকৰ্ষণ কৰিব পাৰো।”

শিক্ষামন্ত্ৰীগৰাকীক অপসাৰণৰ দাবী পুনৰবাৰ উল্লেখ কৰি দীপকে কয়, “বিগত এমাহ ধৰি সমগ্ৰ দেশতে ককৰোচ জনতা পাৰ্টিয়ে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আমি ছাত্ৰ-ছাত্ৰীসকলে মাথোঁ চাব বিচাৰো যে এই সতেজ আত্মাসকলৰ বিদায়ৰ আঁৰত প্ৰশাসনৰ কিবা জবাবদিহিতা বা দায়িত্ব আছে নেকি।”

ইপিনে, মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক সংকট আৰু শিৱসেনাৰ (ইউ বি টি) লোকসভাৰ ৯ জন সাংসদৰ ভিতৰত ৬ জন সাংসদে পক্ষ সলনি কৰি একনাথ শিণ্ডেৰ শিবিৰত যোগদান কৰাৰ জল্পনা-কল্পনাৰ সন্দৰ্ভত সাংবাদিকসকলে তেওঁক প্ৰশ্ন কৰে। ইয়াৰ উত্তৰত দীপকে সকলো ৰাজনীতিবিদৰ ওপৰতে ক্ষোভ প্ৰকাশ কৰে।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ বাসগৃহৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰে যে, “এই নেতাসকলে লাজ পাব লাগে। NEET পৰীক্ষাত আত্মহত্যা কৰা ছোৱালীজনী উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ ঘৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত বাস কৰিছিল। কিন্তু সেই পৰিয়াললৈ কোনো ফোন কল বা কোনো ধৰণৰ সহায় পোৱা নাছিল।” তেওঁ আৰু অভিযোগ কৰে যে, “মৃত ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক দিবলৈ শাসকীয় দলৰ নেতাসকলৰ হাতত টকা নাই, আনহাতে তেওঁলোকৰ হাতত বিধায়ক-সাংসদ ক্ৰয়-বিক্ৰয় কৰিবলৈ কোটি কোটি টকা আছে।”

চলিত মাহৰ ৬ তাৰিখে যন্তৰ মন্তৰত প্ৰথম প্ৰতিবাদ আৰু পুনে, লক্ষ্ণৌ, অমৃতসৰ, বেংগালুৰু, হায়দৰাবাদ আৰু জয়পুৰত ধাৰাবাহিক আন্দোলনৰ পিছত শনিবাৰৰ এই কাৰ্যসূচী আছিল চিজেপিৰ দ্বিতীয়টো বৃহৎ দিল্লী ৰেলী। অৱশ্যে দীপকে স্পষ্টকৈ কয় যে ককৰোচ জনতা পাৰ্টিয়ে কেতিয়াও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।

মন কৰিবলগীয়া যে ১৬ মে’ৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে ‘পইঁতাচোৰা’ আৰু ‘পৰজীৱী’ শব্দ ব্যৱহাৰ কৰাৰ পিছত এই নতুন দলটো অনলাইনত গঠন কৰা হৈছিল। দলৰ প্ৰতিষ্ঠাতা দীপকে পূৰ্বে আম আদমী পাৰ্টিৰ ছ’চিয়েল মিডিয়া মেনেজাৰ হিচাপে কাম কৰিছিল। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সন্দৰ্ভত তেওঁ কয় যে, “আমি কিয় নিৰ্বাচনত অৱতীৰ্ণ হওঁ? যদি এই দেশৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ অধিকাৰৰ দাবীত নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া হয়, তেন্তে দেশ কেনেকৈ চলিব?”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd