NORTHEAST NOW (Assamese)

কংগ্ৰেছ-বিজেপিৰ সংঘৰ্ষ : কংগ্ৰেছী বিধায়কৰ দেহৰক্ষীসহ দুই বিজেপি কৰ্মী আহত

May 29, 2019 5:04 pm · ভাৰ্গব হাজৰিকা
Updated: May 29, 2019 5:05 pm

আজি দুপৰীয়া চামগুৰিৰ বৰমাত কংগ্ৰেছ-বিজেপিৰ কৰ্মী-সমৰ্থকৰ মাজত সংঘটিত হয় তুমুল সংঘৰ্ষৰ। এই সংঘৰ্ষৰ ফলত ৰূপহীহাট সমষ্টিৰ বিধায়ক নৰুল হুদাৰ ইন’ভা গাড়ীখনৰ লগতে আন এখন বাহনো বিধ্বস্ত হয়।

আনহাতে সংঘৰ্ষস্থলীত দুয়োপক্ষৰ মাজত হোৱা শিলাবৰ্ষণৰ ফলত বিধায়ক নৰুল হুদাৰ দেহৰক্ষী মঃ বাচিৰ উদ্দীন, দুই বিজেপি কৰ্মী ক্ৰমে মুজিবুৰ ৰহমান আৰু নুৰুজ জামাল আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ বিৱৰণি মতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানক উদ্দেশ্যি একাংশ বিজেপি কৰ্মীয়ে চামগুৰিৰ বৰমা বজাৰত বিজয় উল্লাস কৰি থকাৰ সময়ত একাধিক কৰ্মীসহ বিধায়ক ৰকিবুল হুছেইন আৰু নুৰুল হুদা সেই পথেৰে পাৰ হৈ যাওঁতেই সূত্ৰপাত হয় এই ভয়াৱহ সংঘৰ্ষৰ।

ইফালে বিজেপি কৰ্মীক দোষী সজাবলৈকে একাংশ কংগ্ৰেছ কৰ্মীয়ে পৰিকল্পিতভাৱে নিজেই বিধায়ক নুৰুল হুদাৰ গাড়ী ভঙাৰ উপৰিও বিজেপি কৰ্মী-সমৰ্থকক আক্ৰমণ কৰাৰ প্ৰতিঅভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মী সকলে। অৱশ্যে ঘটনাৰ সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত দুয়ো পক্ষই পৃথকে-পৃথকে দুটাকৈ গোচৰ ৰুজু কৰিছে।

তাৰোপৰি আহত দুই বিজেপি কৰ্মীসহ বিধায়ক হুদাৰ দেহৰক্ষী জনক ইতিমধ্যে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰা হৈছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চামগুৰি আৰক্ষী, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক গৰাকী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্য্যন্ত এক চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ বৰমা অঞ্চলত।

Related News