DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ঈদৰ আনন্দত কালিমা: যোধপুৰত লাউডস্পীকাৰ ব্যৱহাৰক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2022 4:09 pm
Clash in Jodhpur
198
VIEWS
Share on FacebookShare on Twitter

মুছলমান সকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰৰ প্ৰাকমুহূৰ্তত ৰাজস্থানৰ যোধপুৰৰ জালোৰী গেটত এখন পতাকা আৰু লাউডস্পীকাৰ স্থাপনক কেন্দ্ৰ কৰি সৃষ্টি হয় সাম্প্ৰদায়িক সংঘৰ্ষৰ।

প্ৰকাশিত খবৰ অনুসৰি জালোৰী গেট চাৰিআলিত জালোৰী চকৰ ওচৰত এখন বেনাৰ লগোৱাৰ লগতে এটা লাউডস্পীকাৰ স্থাপন কৰা হৈছিল। ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোত ইছলাম ধৰ্মাৱলম্বী সকলৰ সৈতে একাংশ হিন্দু লোকৰ বিবাদৰ সূত্ৰপাত হয়।

প্ৰতিবেদন অনুসৰি, ঈদৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি মুছলমান সকলে লগোৱা এই পতাকা আৰু বেনাৰসমূহ একাংশ হিন্দু লোকে আঁতৰাই পেলায়। ইয়াৰ পাছতেই অঞ্চলটোত এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰী হিন্দু লোকসকলৰ এই কাৰ্যই ইছলাম ধৰ্মাৱলম্বী লোকসকল স্বাভাৱিকতেই বিদ্বেষী কৰি তোলে আৰু দুয়োটা গোটৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।

দুয়োটা গোটৰ মাজত প্ৰথমে শিলেৰে আক্ৰমণ কৰাৰ পিছতে এই সংঘৰ্ষ অধিক ভয়াৱহ হৈ উঠে। ইয়াৰ মাজতে একাংশ হিন্দু লোকে লাউডস্পীকাৰটো নমাই আনে।

ঘটনাস্থলীত সমবেত জনতাক নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে প্ৰথমে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে লাঠী চাৰ্জ কৰিবলৈ বাধ্য হয়।

আনহাতে ঘটনাস্থলীত আৰক্ষী আৰু সংবাদ কৰ্মীসকলৰ মাজতো বিবাদ হয় বুলি জানিব পৰা গৈছে। আৰক্ষীৰ লাঠীৰ প্ৰহাৰত এজন সাংবাদিক আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

ঘটনাসন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে প্ৰশাসনক যিকোনো পৰিস্থিতিতে শান্তি-শৃংখলা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইফালে সংঘৰ্ষৰ পিছতে অঞ্চলটোত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে আৰু জলৰি গেটত অধিক আৰক্ষী মোতায়েন কৰা হৈছে। পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে বুলি শীৰ্ষ আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে।

Recent News

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd