• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টিউচনৰ পৰা আহি থকাৰ বাটতে দলবদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যু হ’ল দশম শ্ৰেণীৰ ছাত্ৰীৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2021 3:29 pm
402
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ মীৰাটৰ সাৰধনা কোটৱালী অঞ্চলত সংঘটিত হৈছে এটা নৃশিংস ঘটনা।

বৃহস্পতিবাৰে এজনী ১৫ বছৰীয়া ছোৱালীক টিউচনৰ পৰা আহি থাকোতে কেইজনমান দুৰ্বৃত্তই অপহৰণ কৰে আৰু পাছত দলবদ্ধভাৱে ধৰ্ষণ কৰে।

ধৰ্ষণৰ পাছত ছোৱালীজনী মৃত্যুমুখত পৰে।

আৰক্ষীয়ে কয় যে ছোৱালীজনীয়ে আত্মহত্যা কৰিলে।

কিন্তু ছোৱালীজনীৰ পৰিয়ালে কয় যে ছোৱালীজনীক দুৰ্বৃত্তকেইজনে বিহ খুৱাই হত্যা কৰে।

ছোৱালীজনী দশম শ্ৰেণীৰ ছাত্ৰ আছিল।

ইতিমধ্যে লখন, বিকাশ আৰু প্ৰকাশ নামৰ অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকীকেইজন অভিযুক্তক আৰক্ষীয়ে বিচাৰি আছে।

ছোৱালীজনীৰ ককায়েকে দিয়া এখন এজাহাৰৰ ভিত্তি জনা গৈছে যে ছোৱালীজনীয়ে এটা টিউচন চেণ্টাৰৰ পৰা খোজকাঢ়ি ঘৰলৈ গৈ আছিল আৰু গাঁৱৰে এজন লোকে তাইক আগভেটি ধৰিছিল।

তাৰপাছতে লোকজনে আন কেইজনমান সতীৰ্থৰ স’তে তাইক এটা পৰিত্যক্ত ঘৰলৈ লৈ নি ধৰ্ষণ কৰে।

ককায়েকে কয় যে যেতিয়া তাই সঠিক সময়ত ঘৰত উপস্থিত নহ’ল, পৰিয়ালৰ লোকে টিউচন চেণ্টাৰলৈ গৈ তাইৰ সম্ভেদ লয়।

কিন্তু চেণ্টাৰটোৱে জনায় যে তাই সেইদিনা ক্লাছলৈ অহা নাই।

তাৰপাছত বিচাৰ খোচাৰ আৰম্ভ কৰে আৰু ক’তো বিচাৰি পোৱা নগ’ল।

কিন্তু সন্ধিয়া ছোৱালীজনী  ঘৰত মুমূৰ্ষ অৱস্থাৰে নিজেই গৈ উলাল আৰু তাইৰ শৰীৰত তেজৰ চিন পোৱাৰ উপৰিও কাপোৰসমূহ ফাটি-চিটি আছিল।

তদুপৰি মুখেৰে একো কথাও ভালদৰে ক’ব পৰা নাছিল।

তাৰপাছতে পৰিয়ালৰ লোকে তাইক চিকিৎসালয়লৈ লৈ যায়, কিন্তু কিছু সময় পাছতে তাইৰ মৃ্ত্যু হয়।

আৰক্ষীয়ে কয় যে ছোৱালীজনীয়ে লিখি থৈ যোৱা এখন চুইচাইড পত্ৰ পোৱা গৈছে, য’ত অভিযুক্তকেইজনৰ নামোল্লেখ আছে।

কিন্তু পৰিয়ালৰ তৰফৰ পৰা কোৱা হৈছে তাইক ধৰ্ষণকাৰীকেইজনে হত্যা কৰিছে।

ইতিমধ্যে পত্ৰখন ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাটোৰ সন্দৰ্ভত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে নিন্দা কৰিছে।

এটা টুইটযোগে তেওঁ কয় যে ঘটনাটোৱে সমাজখনৰ বাবে এটা ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক  নাম নোলোৱাকৈ ভৎসৰ্ণা কৰি তেওঁ কয় যে বিজেপিৰ তাৰকা প্ৰচাৰকজনে নিৰ্বাচনী ব্যস্ততাৰ মাজত যদি আহৰি সময় পাই, তেন্তে বিষয়টো গুৰুত্বসহকাৰে লোৱাটো প্ৰয়োজন।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd