বিহাৰৰ গোপালগঞ্জ জিলাৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক নৃশংসতাৰে ছুৰিকাঘাত কৰিছে এজন আততায়ীয়ে। মাত্ৰ ১৩ ছেকেণ্ডৰ ব্যৱধানত কিশোৰীগৰাকীক ৮ বাৰ ছুৰিকাঘাত কৰে আততায়ীজনে।
ব্যক্তিজনে কিশোৰীগৰাকীক উৎপীড়নৰ প্ৰচেষ্টা চলাওঁতে কিশোৰীগৰাকীয়ে প্ৰতিৰোধ কৰে। ইয়াৰ পিছতে হাতত থকা ছুৰীৰে কিশোৰীগৰাকীক আক্ৰমণ কৰে।
সংবাদ সংস্থা দৈনিক ভাস্কৰৰ এক প্ৰতিবেদন অনুসৰি, ঘটনাটো ১৯ ডিচেম্বৰত বিহাৰৰ গোপালগঞ্জ জিলাত সংঘটিত হৈছিল। প্ৰতিবেদনত কোৱা হৈছিল যে কিশোৰীগৰাকী দুজন বন্ধুৰ সৈতে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহিছিল।
হঠাতে লুকাই থকা অভিযুক্তজনে কিশোৰীগৰাকীক ছুৰিৰে আক্ৰমণ কৰে।
ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা ঘটনাটোৰ CCTV ফুটেজত দেখা গৈছে যে আততায়ীজনে ছোৱালীজনীক বাৰে বাৰে আঘাত কৰিছে। এজন ব্যক্তিয়ে তেওঁক আঁতৰাই নিবলৈ চেষ্টা কৰাও দেখিবলৈ পোৱা গৈছে।
আঘাতপ্ৰাপ্ত কিশোৰীগৰাকীক ততাতৈয়াকৈ গোপালগঞ্জৰ সদৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু পিছত উন্নত চিকিৎসাৰ বাবে পাটনা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীয়ে CCTV ফুটেজৰ ওপৰত ভিত্তি কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে।
ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ মতে অভিযুক্তজনে ইয়াৰ পূৰ্বে কেইবাবাৰো বিদ্যালয়লৈ যোৱাৰ পথত কিশোৰীগৰাকীক উৎপীড়ন কৰাৰ চেষ্টা কৰিছিল।