NORTHEAST NOW (Assamese)

শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা

December 7, 2022 11:11 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ চৰকাৰী শিক্ষাখণ্ডৰ পয়ালগা অৱস্থাক লৈ যথেষ্ট চৰ্চা চলি আহিছে। চৰকাৰী শিক্ষাখণ্ডৰ এনে দুৰ্গতিৰ আন এক ছবিয়ে শেহতীয়াকৈ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এখন চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষণৰ আহিলা হিচাপে ব্লেকবৰ্ডৰ ঠাই লৈছে শ্ৰেণীকোঠাৰ দুৱাৰে।

এই দৃশ্য উৰিষ্যাৰ এখন চৰকাৰী হাইস্কুলৰ। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক পঢ়োৱাৰ বাবে শিক্ষকে ব্লেকবৰ্ডৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিছে শ্ৰেণীকোঠাৰ দুৱাৰ! এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সম্প্ৰতি তুমুল বিতৰ্কৰ সৃষ্টি হৈছে।

মঙলবাৰে বিদ্যালয়খনৰ এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ দুৱাৰত পৰীক্ষাৰ প্ৰশ্নকাকত লিখি থকা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে।

বিদ্যালয়খনৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰই এই সন্দৰ্ভত কয়, “আমাক পৰীক্ষাত শিক্ষকসকলে প্ৰশ্নকাকত নিদিয়াৰ বাবে আমাক কিছু সময় বহিবলৈ কয়। পিছত এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ দুৱাৰত প্ৰশ্নবোৰ লিখি দিয়ে।”

ইফালে আন এগৰাকী ছাত্ৰৰ পিতৃয়ে অভিযোগ কৰা মতে শ্ৰেণীকোঠাৰ দুৱাৰখন সমগ্ৰ বছৰটোৱেই ব্লেকবৰ্ড হিচাপে ব্যৱহাৰ কৰা হৈছে। স্থানীয় এগৰাকী শিক্ষা বিষয়াই বিদ্যালয়খনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে বুলি জানিবলৈ দিয়ে।

তেওঁ কয় যে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক কৰ্তব্যত অৱহেলাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে শিক্ষা বিভাগে। লগতে তিনিদিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি বিষয়াগৰাকীয়ে কয়।

ইফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ অভিযোগ মতে শিক্ষানুষ্ঠানখনে সৰ্বশিক্ষা অভিযানৰ পৰা প্ৰশ্নকাকত লাভ কৰা নাছিল আৰু এনে পৰিস্থিতিতে শ্ৰেণীকোঠাৰ দুৱাৰতে প্ৰশ্নসমূহ লিখিবলগীয়া হয় বুলি তেওঁ যুক্তি দিয়ে।

Related News