NORTHEAST NOW (Assamese)

২০২৫ চনৰ ভিতৰত কাৰ্বনমুক্ত হোৱাৰ বাবে নিউজিলেণ্ডত জলবায়ু জৰুৰীকালীন অৱস্থা ঘোষণা প্ৰধান মন্ত্ৰী জেছিণ্ডা আৰ্ডেনৰ

December 3, 2020 3:23 pm · এন ই নাও নিউজ

নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰী জেছিণ্ডা আৰ্ডেনে দেশখনত বুধবাৰে জলবায়ু জৰুৰী অৱস্থাৰ ঘোষণা কৰে।

২০২৫ চন অৰ্থাৎ আগন্তুক পাঁচবছৰৰ ভিতৰত নিউজিলেণ্ডৰ ৰাজহুৱা খণ্ডক কাৰ্বনমুক্ত কৰাৰ লক্ষ্যৰ কথা ঘোষণা কৰি এই জলবায়ু জৰুৰী অৱস্থাৰ কথা ঘোষণা কৰিছে প্ৰধান মন্ত্ৰী আৰ্ডেনে।

প্ৰধান মন্ত্ৰী আৰ্ডেনে গোলকীয়া উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছত সীমাবদ্ধ ৰাখিবলৈ ২০২৩ চনৰ ভিতৰত কাৰ্বন নিৰ্গমনৰ হাৰ ৪৫ শতাংশ হ্ৰাস কৰা আৰু ২০৫০ চনৰ ভিতৰত শূন্য কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্তৰ কথাও উল্লেখ কৰে।

নিউজিলেণ্ডত জলবায়ু জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰি প্ৰধান মন্ত্ৰী আৰ্ডেনে এয়া তেওঁলোকৰ ভবিষ্যত প্ৰজন্মৰ প্ৰতি দায়বদ্ধতা বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, নিউজিলেণ্ডৰ পূৰ্বে কানাডা, ফ্ৰান্স, জাপানকে ধৰি বিশ্বৰ মুঠ ৩২ খন দেশে জলবায়ু জৰুৰী অৱস্থাৰ কথা ঘোষণা কৰিছিল।

চীনে আৰু ইউৰোপীয় সংঘই ক্ৰমে ২০৬০ চন আৰু ২০৫০ চনৰ ভিতৰত কাৰ্বনমুক্ত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে নিউলেণ্ডৰ ২০২৫ চনৰ ভিতৰত কৰ্বনমুক্ত হোৱাৰ লক্ষ্য নিৰ্ধাৰণৰ সিদ্ধান্তক বিশ্বৰ অন্যান্য দেশ সমূহে আদৰণি জনাইছে।

Related News