• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছোৱালীজনীৰ জন্ম হ’ব লাগিছিল ২৭ বছৰ আগতে, কিন্তু জন্ম হৈছে এতিয়া! অসম্ভৱ কথাটো কিদৰে হ’ল সম্ভৱ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 3, 2020 4:22 pm

2 min read

a embryo
78.5k
VIEWS
Share on FacebookShare on Twitter

কথাতে কয় জন্ম,মৃত্যু, বিবাহ কেতিয়া-ক’ত হয় সেয়া কোনেও কব নোৱাৰে।

কিন্তু ক’ব নোৱাৰা বহু কথাই এতিয়া বিজ্ঞানৰ বলত মানুহে কব পৰা হৈছে।

বিশেষকৈ জন্মৰ ক্ষেত্ৰত বিজ্ঞানে এতিয়া বহু কথাই আগতীয়াকৈ কব পৰা হৈছে অথবা কাৰোৱাৰ জন্ম সময়তকৈ আগতেই দিয়াব পৰা হৈছে।

এজনী ছোৱালী, যাৰ বয়স এতিয়া হ’ব লাগিছিল ২৭ বছৰ সেই গৰাকী ছোৱালীৰ জন্ম ৰোধ কৰি দিয়া হৈছিল।

২৭ বছৰ ধৰি পৃথিৱী দেখাৰ অপেক্ষা কৰা ছোৱালী জনীয়ে এতিয়া জন্ম লাভ কৰিবলৈ সক্ষম হৈছে।

কথাবোৰ শুনিবলৈ আচহুৱা যেন লাগিছে যদিও বিজ্ঞানে এনে সকলো কথাই সম্ভৱ কৰি তুলিছে।

দৰাচলতে ২৭ বছৰ আগতে জন্ম লাভ কৰিবলগীয়া ছোৱালী জনী আছিল এটা ভ্ৰূণৰ ৰূপত।

হিমগৃহত বিশেষ পদ্ধতিৰে সংৰক্ষণ কৰা হৈছিল সেই ভ্ৰূণ।

সেই ভ্ৰূণ গ্ৰহণ কৰিয়েই শেহতীয়াকৈ আমেৰিকাৰ নিঃসন্তান দম্পতি টিনা গিবছন আৰু বেন গিবছনে লাভ কৰিছে এটি কন্যা সন্তান।কন্যা সন্তানটিৰ নাম ৰখা হৈছে মলি গিবছন।

মলিৰ জন্ম সন্দৰ্ভত মন্তব্য কৰি আমেৰিকাৰ নেছনেল এব্ৰ’ছ ডনেঠন চেণ্টাৰৰ মুৰব্বী কেৰল ছমাৰফেল্টে কয় যে ১৯৯২ চনৰ অক্টোৱৰ মাহতে ভ্ৰবণৰ ৰূপত হিম গৃহত সংৰক্ষণ কৰা হৈছিল মলিক।

পৰীক্ষামূলক ভাবে ভ্ৰূণটো ২৭ বছৰ ধৰি একেদৰে ৰখা হৈছিল যদিও গিবছন দম্পতিৰ অনুৰোধত ভ্ৰূণটোক পূৰ্ণাংগ ৰূপ দিয়াৰ সিদ্ধান্ত লোৱা হয়।

উল্লেখ্য বিশ্বত ইমান বেছি দিন সংৰক্ষণ কৰা ভ্ৰূণৰ পৰা সন্তান জন্ম দিয়াৰ এয়াই প্ৰথমটো ঘটনা।

ছমাৰফেল্টে প্ৰকাশ কৰা মতে অনিৰ্দিষ্টকাললৈ ভ্ৰূণ সংৰক্ষণ কৰাৰ পদ্ধতিও তেওঁলোকে উদ্ভাৱন কৰাৰ দিশে অগ্ৰসৰ হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd