বৰ্তমান সময়ত শিশুৰ চকু যেন স্ক্ৰীণৰ সৈতে এক অদৃশ্য চুম্বকৰ দ্বাৰা বান্ধ খাই আছে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি ডিজিটেল দুনিয়াত আবদ্ধ হৈ পৰা এই ডুম-স্ক্ৰলিং (Doom-scrolling) অভ্যাসে শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলাইছে, যাক লৈ চিকিৎসকসকলো উদ্বিগ্ন হৈ পৰিছে। অত্যাধিক স্ক্ৰীণ টাইমে যে কেৱল শিশুৰ চকুৰ ক্ষতি কৰিছে তেনে নহয়, ই নিৰৱে হৃদ্যন্ত্ৰলৈকো ভাবুকি কঢ়িয়াই আনিছে। আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ এক শেহতীয়া গৱেষণা অনুসৰি, খেলা-ধূলা বাদ দি মোবাইলত আসক্ত হৈ পৰা একাংশ কম বয়সীয়া শিশুৰ মাজত হৃদ্যন্ত্ৰৰ লগতে বিপাকীয় ক্ৰিয়াৰো অস্বাভাৱিক পৰিৱৰ্তন ঘটিছে। ইয়াৰ ফলত সৰুতেই টাইপ-২ ডায়েবেটিছ, কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ দৰে জীৱনশৈলীৰ সৈতে জড়িত ৰোগসমূহে বাহ লৈছে।
গৱেষকসকলৰ মতে, অত্যাধিক টিভি চালে শিশুৰ মনোযোগ আৰু ধৈৰ্য দুয়োটাৰে অৱনতি ঘটে। ই সৃজনশীল চিন্তাধাৰাত বাধা প্ৰদান কৰে আৰু মগজুৰ কাৰ্যক্ষমতা হ্ৰাস কৰে। টিভি বা মোবাইলৰ পৰা নিৰ্গত হোৱা পোহৰে ‘মেলাটনিন’ নামৰ হৰম’ন নিঃসৰণত বাধা দিয়ে, যাৰ ফলত টোপনিৰ সমস্যা হয় আৰু শিশুৰ আচাৰ-ব্যৱহাৰতো অস্বাভাৱিক পৰিৱৰ্তন দেখা যায়। কলকাতাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ হেল্থৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ প্ৰিয়ংকৰ পালৰ মতে, “আজিকালি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েও সময় নোহোৱাৰ অভিযোগ কৰে। স্কুলৰ প্ৰজেক্টৰ ইমানেই চাপ যে তেওঁলোকে খেলা-ধূলা বা ছবি অঁকাৰ সময় নাপায়, আৰু আজৰি সময়খিনি কেৱল মোবাইলত গেম বা কাৰ্টুন চাই কটায়। ইয়াৰ ফলত শিশুৰ মাজত মেদবহুলতা বাঢ়িছে, হজম শক্তি কমিছে আৰু শৰীৰ নিষ্ক্ৰিয় হৈ পৰিছে, যিয়ে পৰোক্ষভাৱে হৃদ্যন্ত্ৰৰ ক্ষতি কৰি ইস্কিমিক হৃদ্ৰোগৰ শংকা বৃদ্ধি কৰিছে।”
‘স্ক্ৰীণ-টাইম‘ আৰু ‘মেটাবলিক চিণ্ড্ৰম‘ৰ পাৰস্পৰিক সম্পৰ্ক:
আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ তথ্য অনুসৰি, অত্যাধিক ডিজিটেল স্ক্ৰীণৰ ব্যৱহাৰৰ ফলত শিশুৰ মাজত ‘কাৰ্ডিঅ’মেটাবলিক চিণ্ড্ৰম’ (Cardiometabolic Syndrome) দেখা দিছে। চিকিৎসক ডাঃ দিলীপ কুমাৰে এই সমস্যাৰ তিনিটা মূল কাৰণ ব্যাখ্যা কৰিছে:
১) মোবাইল বা টিভিৰ ব্যৱহাৰৰ ফলত কায়িক শ্ৰম কমি গৈছে আৰু শৰীৰৰ শক্তি ক্ষয় হৈছে। ইয়াৰ ফলত শিশুৰ মাজত ইনচুলিন ৰেজিষ্টেন্স (Insulin Resistance) দেখা দিয়ে, য’ত শৰীৰৰ কোষবোৰে ইনচুলিন হৰম’নৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়।
২) ভিডিঅ’ গেম বা ৰিলছত দেখা বিভিন্ন দৃশ্যই শিশুৰ মনত উদ্বেগ আৰু উৎকণ্ঠা বৃদ্ধি কৰে। এই মানসিক পৰিৱৰ্তনে হাইপাৰটেনচনৰ (Hyper tension) সৃষ্টি কৰে আৰু অনিয়মিত হৃৎস্পন্দন বা ‘এৰিথমিয়া’ (Arrhythmia) ৰোগৰ কাৰণ হৈ পৰে।
৩) স্ক্ৰীণত ব্যস্ত থকাৰ ফলত শিশুৰ ভোক কমে আৰু বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মে। আনহাতে, একাংশ শিশুৰ মাজত ‘বিঞ্জ ইটিং’ৰ (Binge Eating) প্ৰৱণতা বাঢ়ি ইটিং ডিছঅৰ্ডাৰ দেখা দিয়ে, যিয়ে মেদবহুলতা বৃদ্ধিৰ লগতে তেজত বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বঢ়ায়।
কোন বয়সত কিমান স্ক্ৰীণ টাইম ক্ষতিকৰক?
বিশ্ব স্বাস্থ্য সংস্থাই (WHO) নিৰ্ধাৰণ কৰি দিয়া সময় অনুসৰি:
৬-১৮ মাহ: এই বয়সত শিশুক মোবাইলৰ স্ক্ৰীণত চাবলৈ দিয়াটো একেবাৰেই অনুচিত। আজিকালি অভিভাৱকসকলে শিশুক শান্ত কৰিবলৈ মোবাইলৰ ব্যৱহাৰ কৰে, যিয়ে মেটাবলিক চিণ্ড্ৰমৰ আশংকা বঢ়ায়।
১-২ বছৰ: দিনটোত ৩০ মিনিটতকৈ অধিক সময় স্ক্ৰীণ টাইম হ’লে শিশুৰ সাৰ্বিক বিকাশত বাধা জন্মে।
৫ বছৰলৈকে: দিনে ১ ঘণ্টাতকৈ অধিক স্ক্ৰীণ টাইমে বৌদ্ধিক বিকাশত নেতিবাচক প্ৰভাৱ পেলায়।
৬-১০ বছৰ: বাৰে বাৰে টিভি বা মোবাইলত কাৰ্টুন চালে শিশুৰ সৃজনশীলতা হ্ৰাস পায় আৰু মেদবহুলতাৰ সৃষ্টি হয়। সামগ্ৰিকভাৱে, যিকোনো শিশুৱে দিনে ৩ ঘণ্টাতকৈ অধিক সময় স্ক্ৰীণত কটালে ই শৰীৰ আৰু মন দুয়োৰে গুৰুতৰ ক্ষতি কৰে।
চিকিৎসকসকলৰ মতে, শিশুক শান্ত কৰিবলৈ মোবাইলৰ সলনি প্ৰাকৃতিক পৰিৱেশত খেলা-ধূলা কৰিবলৈ উৎসাহিত কৰিব লাগে। ঘৰৰ ভিতৰতো শাৰীৰিক পৰিশ্ৰম হোৱা খেল বা পাতল ব্যায়াম কৰাব পাৰি। শিশুৰ শোৱনীকোঠাত কোনো ধৰণৰ ডিজিটেল গেজেট ৰাখিব নালাগে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, শিশুৱে ডাঙৰক দেখিয়েই শিকে, সেয়েহে অভিভাৱকসকলেও সন্তানৰ সন্মুখত মোবাইলৰ ব্যৱহাৰ সীমিত কৰা উচিত। মোবাইলৰ সলনি ছবি অঁকা, কিতাপ পঢ়া, পাজল (Puzzle) গেম খেলা বা ফুলনিৰ যতন লোৱা আদি গঠনমূলক কামত শিশুৰ সৈতে অভিভাৱকসকলেও অংশগ্ৰহণ কৰিলে এই আসক্তি বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে।





