• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ ঘটনাৰ আঁৰত থকা অপৰাধীক আটক কৰিবলৈ ডিজিপক নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 12, 2019 9:34 pm

2 min read

shaukat-pic-1-1-750x375

চৌকত আলী। ফটো : ইণ্ডিয়া টুডেৰ সৌজন্যত

524
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথত চৌকত আলী নামৰ মুছলমান সম্প্ৰদায়ৰ এজন লোকক গো মাংস বিক্ৰী কৰাৰ বাবে স্থানীয় লোকে ৰাজপথতে ‘নিৰ্যাতন’ কৰাৰ লগতে গাহৰি মাংস খাবলৈ বাধ্য কৰাৰ ঘটনাটোক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৰিহনা দিছে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সোণোৱালে ঘটনাটোক অসমৰ দৰে এখন বহল সমাজৰ বাবে এক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।

মুখ্য মন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াক ঘটনাটো সম্পৰ্কত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে ভৱিষ্যতে আৰু এনে ঘটনা সংঘটিত হ’বলৈ নাপায়।

উল্লেখযোগ্য যে অসম আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ছচিয়েল মিডিয়াত লোকজনে উন্মত্ত লোকসকলক ক্ষমা ভিক্ষা কৰি থকা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ঘটনাটোৱে বাতৰিৰ শিৰোণাম দখল কৰে।

ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰাৰ পাছত ৬৮ বছৰীয়া চৌকত আলীক এখন চৰকাৰী হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

ঘটনাটো সন্দৰ্ভত দুখন সুকীয়া এজাহাৰ দাখিল কৰা হৈছিল আৰু ইয়াৰে এখন চৌকত আলীৰ ভাতৃয়ে দাখিল কৰিছিল।

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিল আৰু ভিডিঅ’টোকে ঘটনাটোৰ এক সাক্ষ্য হিচাপে গ্ৰহণ কৰিছে।

বাতৰি অনুসৰি উন্মত্ত লোকৰ দলটোৱে চৌকত আলীক ভাবুকি দিয়াৰ লগতে তেওঁ বাংলাদেশৰ পৰা আহিছে নেকি আৰু গো মাংস বিক্ৰী কৰাৰ অনুজ্ঞা পত্ৰ আছিল নেকি বুলি প্ৰশ্ন কৰিছিল।

ভিডিঅ’টোত উন্মত্ত দলটোৰ এজন লোকে তেওঁক প্ৰশ্ন কৰা দেখা গৈছিল : ‘’তই বাংলাদেশী নেকি? তোৰ নাম এন আৰ চিত আছেনে?’’

ঘটনাটোৰ পাছতে বিশ্বনাথ জিলাত আৰক্ষীয়ে তীক্ষ্ণ নিৰীক্ষণ অব্যাহত ৰাখিছে।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd