ধুবুৰী জিলাৰ গোলকগঞ্জত আজি বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ ৩ জন লোক নিহত হোৱা ঘটনাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।
আনহাতে মুখ্য মন্ত্ৰীৰ নিৰ্দেশক্ৰমে অসম চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্ত কিৰ শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিবলৈ জিলা দণ্ডাধীশক নিৰ্দেশ প্ৰদান কৰিছে।
মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশতে ইতিমধ্যে ধুবুৰী জিলা প্ৰশাসনে তিনিওগৰাকী ব্যক্তিৰ নিকটাত্মীয়লৈ আঢ়ৈ লাখ টকাকৈ এককানীল সাহায্য আগবঢ়াই।
তাৰোপৰি তিনিচুকীয়া জিলাৰ ৰঙাগড়াত তীব্ৰবেগী বাহনৰ খুন্দাত যোৱা ২৮ ছেপ্তেম্বৰত নিহত হোৱা পথচাৰীসকলৰ নিকটাত্মীয়লৈ দুই লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিবলৈ তিনিচুকীয়া জিলাৰ উপায়ুক্তক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
বিগত কিছু দিন ধৰি ৰাজ্যৰ বিভিন্ন স্থানত হৈ থকা পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত পথ দুৰ্ঘটনা ৰোধ কৰা, ট্ৰেফিক আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী, দণ্ডাধীশ, পৰিবহণ আৰু আবকাৰী বিভাগৰ বিষয়াক লৈ টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্তক মুখ্য মন্ত্ৰী সোণোৱালে নিৰ্দেশ দিছে।