• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনতাৰ কল্যাণৰ কাৰণে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2019 8:55 pm
DSC_8760 (1)

মুখ্য মন্ত্ৰীৰ বৈঠক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্ৰতিটো পৰিয়ালে যাতে সময় নিৰ্ধাৰিত ভাবে বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ উদ্যশ্যৰে উপায়ুক্তক কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে।

জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভা কক্ষত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ উপস্থিতিত ৰাজ্যখনৰ পানী যোগান প্ৰকল্প আৰু স্বচ্ছ ভাৰত মিছনৰ কাম-কাজ পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হোৱা বৈঠকত মুখ্য মন্ত্ৰীয়ে এই নিৰ্দেশ দি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি সমূহ যাতে সুচাৰুৰূপে পৰিচালিত হয় আৰু কাৰ্যক্ষম হৈ থাকে তাৰ বাবে জনসাধাৰণক জড়িত কৰাৰ ওপৰটো গুৰুত্ব আৰোপ কৰে।

Apply Now

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে স্বাস্থ্য সন্মত জীৱন-যাপনৰ বাবে বিশুদ্ধ খোৱা পানী অতিশয় জৰুৰী। সেইবাবে বিভাগে অগ্ৰাধিকাৰ ভিত্তিত কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। মুখ্য মন্ত্ৰীয়ে লগতে কয় যে আমাৰ ৰাজ্যখনত পানীৰ বাবে অসংখ্য উৎস আছে। উপযুক্ত পানী যোগানৰ নেট’ৱৰ্ক এটা গঢ়ি তুলিব নোৱাৰ বাবে ৰাজ্যখনৰ বহু অংশত খোৱা পানীৰ নাটনি দেখিবলৈ পোৱা যায়। সেইবাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে ব্যক্তিগত গৃহ আৰু জনবসতি থকা ঠাইত বিশুদ্ধ খোৱা পানীৰ উৎস উপলব্ধ কৰাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰীয়ে গাঁও আৰু চহৰ এলেকাত ব্যৱহাৰ কৰি থকা পানীৰ উৎস আৰু সাম্ভাব্য প্ৰয়োজনীয়তাৰ ওপৰত জৰীপ চলোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে যাতে জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰা যায়।

বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলে মুখ্য মন্ত্ৰীক অৱগত কৰে যে, ৰাজ্যখনৰ ৫৫১৪২ টা জনবসতি সম্পূৰ্ণভাবে আৰু ২৩১৩৭ টাত আংশিকভাবে পানী যোগানেৰে মুঠ ৮৮০৪৯ টা অঞ্চল সামৰি লোৱা হৈছে। বিভাগৰ বিষয়াসকলে লগতে জনাই যে পাইপ যোগে পানী যোগান আঁচনি আৰু স্থানীয় উৎসৰ জৰিয়তে এই পানী যোগান ধৰা হৈছে। বিভাগটোৰ বিষয়া সকলে অৱগত কৰে যে পাইপ যোগানৰ উপৰিও বিভিন্ন উৎস যেনে, হেণ্ডপাম্প, কুঁৱাৰ লেখীয়া ব্যৱস্থাৰে অতিশীঘ্ৰে পানী যোগান ধৰাৰ বাবে বিভাগে পদক্ষেপ গ্ৰহণ কৰিব। একেদৰে স্থানীয়ভাবে পোৱা পানীৰ উৎস, ব্যক্তিগত আৰু সমূহীয়া পৰ্যায়ত আন্তঃগাঁথনি মূলক উন্নয়নেৰে পানী যোগান ব্যৱস্থাটো শক্তিশালী কৰা হ’ব বুলিও বিভাগে মুখ্য মন্ত্ৰীক অৱগত কৰে।

নীৰ নিৰ্মল পৰিযোজনা সম্পৰ্কত বিভাগৰ বিষয়াসকলে কয় যে এই আঁচনিৰ অধীনত ৪ টা প্ৰকল্পৰ কাম হাতত লৈ বিভিন্ন পৰ্যায়ত ৰূপায়ণ কৰি থকা হৈছে। উল্লেখ্য যে, এই প্ৰকল্পই কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া আৰু চন্দ্ৰপুৰৰ লগতে যোৰহাট আৰু হাইলাকান্দিক সামৰি লৈছে।

এই প্ৰকল্প কেইটা ২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পুৰ্ণ কাৰ্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে। বৈঠকত বিভাগটোৰ বিষয়া সকলে ৰাজ্যখনত ৰূপায়িত হৈ থকা স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অগ্ৰগতিৰ সম্পৰ্কটো মু্খ্যমন্ত্ৰীক অৱগত কৰে।

আজিৰ এই পৰ্যালোচনামূলক বৈঠকত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, জননস্বাস্থ্য কাৰিকৰী বিভাগৰ সিদ্ধাৰ্থ সিং, আদি বিষয়া সকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd