অসমবাসীক ঈদ-উজ-জোহাৰ শুভেচ্ছা মুখ্য মন্ত্ৰী সোণোৱালৰ

Assam CM Sonowal greets people on Eid-Ul-Fitr

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ-উজ-জোহা উপলক্ষে ৰাজ্যখনৰ ইছলাম ধৰ্মালম্বী লোকসকলৰ লগতে সমগ্ৰ অসমবাসীলৈ আন্তৰিক শুভেচাছা জ্ঞাপন কৰিছে।

আজি সোণোৱালে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে ঈদ-উজ-জোহা হ’ল ইছলাম ধৰ্মালম্বী লোকসকলৰ এক পৱিত্ৰ উৎসৱ। ঈদ-উজ-জোহা উৎসৱে আমাক ত্যাগ, কৰুণা আৰু মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে।

তেওঁ লগতে কয় যে ঈদ-উজ-জোহা পালনৰ জৰিয়তে জনসাধাৰণৰ মাজত বৰ্তি থকা প্ৰেম, ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় হোৱাৰ উপৰি পাৰস্পৰিক বুজাবুজিৰে মানৱ কল্যাণৰ হকে কাম কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰে।

মুখ্য মন্ত্ৰীয়ে ঈদ-উজ-জোহা পালনৰ জৰিয়তে সমাজত সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত থকা ঐক্য, শান্তি, সমন্বয় আৰু ভাতৃত্বৰ বান্ধোন অধিক সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰিছে।