জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ আহি শ্ৰদ্ধাঞ্জলি জনালে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাই তেওঁ সাক্ষাৎ কৰে জুবিন গাৰ্গৰ শোকসন্তপ্ত পত্নী গৰিমা শইকীয়া গাৰ্গক। সমাধিক্ষেত্ৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাহুল গান্ধীয়ে আহিব বুলি খবৰ পোৱাৰ মাত্ৰকে কংগ্ৰেছক কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
২৮ দিনৰ পিছত হ’লেও কংগ্ৰেছৰ ঘড়ী চলা বুলি তু্চ্ছ–তাচ্ছিল্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বেও বাৰে বাৰে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। কংগ্ৰেছৰ কোনো ৰাষ্ট্ৰীয় নেতাই জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত নাছিল বুলিও বাৰে বাৰে উল্লেখ কৰি আহিছে মুখ্যমন্ত্ৰীয়ে। উত্তৰ পূৰ্বাঞ্চলৰ দুই বিজেপি মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কীৰেণ ৰিজিজুৰ বাহিৰে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ বাদে বিজেপিৰ কোনো ৰাষ্ট্ৰীয় নেতা বা মন্ত্ৰীকে অহা আমি দেখা নাই। তেওঁলোকৰ বাদে বিজেপিৰ কোন কোন ৰাষ্ট্ৰীয় নেতাই জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত আছিল। অথবা পিছত সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাবলৈ কোন কোন বিজেপি কেন্দ্ৰীয় নেতা মন্ত্ৰী আহিছিল তাৰ হিচাপ কিন্তু মুখ্যমন্ত্ৰীয়ে এবাৰলৈ দিয়া নাই।
অৱশ্যে মুখ্যমন্ত্ৰীয়ে সেই তালিকা গাই যাবলৈ বা দিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ এজনো বিজেপি নেতা-মন্ত্ৰীয়ে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি দিবলৈ অহাই নাই। ইয়াৰ পাছতো মুখ্যমন্ত্ৰী শৰ্মাই বাৰে বাৰে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণ কি? কাৰণ হয়তো এটা ৰাজনৈতিক অংক, জুবিন গাৰ্গৰ মৃত্যুকলৈ ৰাজনীতি মুনাফা লাভৰ অংক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই অংক এতিয়া জনস্বক্ষুৰ পৰা লুকাই থকা নাই। দিনৰ পোহৰৰ দৰেই সেয়া স্পষ্ট হৈ পৰিছে।
সেয়ে ২৮ দিনৰ পিছত হ’লেও ৰাহুল গান্ধীয়ে অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহ কেতিয়া আহিব বুলি প্ৰশ্নৰ উদয় হৈছে। ৰাজ্যবাসীৰো প্ৰশ্ন জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাবলৈ কেতিয়া আহিব বিজেপিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ? ইয়াৰ উত্তৰ দিবলৈ সক্ষম হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই? যদি সক্ষম হয় ৰাজ্যবাসীক দিন বাৰ জনাব লাগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আৰু যদি এই উত্তৰ দিব নোৱাৰে তেনে জুবিন গাৰ্গৰ মৃত্যুক লৈ কৰা ৰাজনীতি তেওঁ বন্ধ কৰিব লাগে। যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিব নোৱাৰে তেনে মুখ্যমন্ত্ৰীয়ে বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো বন্ধ কৰিব লাগে। নহ’লে মুখ্যমন্ত্ৰী শৰ্মাই নিজে পতা ফাণ্ডত নিজেই পৰি ফচি মৰিবলৈ বেছি বৰ নালাগিব।




