• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দালালৰাজ বন্ধ কৰিবলৈ আমি নিজেই বিনা পইচাৰ দালাল হ’ম: হিমন্ত বিশ্ব শৰ্মা

ছুপাৰ মার্কেটৰ ফ্লাই অভাৰ মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বহু কেইটা ঘোষণা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 4, 2021 2:05 pm
248
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰ ছুপাৰ মাৰ্কেটৰ নৱ নিৰ্মিত ফ্লাই অভাৰ খন মুকলি কৰি কেইবাটাও উল্লেখযোগ্য ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়—উপ-নিৰ্বাচনত আমাক জয় লাভ কৰিছো, ৰাইজৰ সেৱা জনাইছোঁ।এই জয় বিকাশৰ বাবে হৈছে। গুৱাহাটী খন সমগ্ৰ দক্ষিণ পূব এছিয়াৰ বাবে দুৱাৰ দলি।গুৱাহাটী খনক আৰু ভাল কৰিবলৈ আমি চিন্তা চর্চা কৰিছোঁ।২০১৯ চনত আমি আৰম্ভ কৰিছিলোঁ এই সেতু নিৰ্মাণৰ কাম। ৩৬ মাহৰ সময়ৰ সলনি ২২ মাহত নিৰ্মাণ কৰি উলিয়াইছে।অনিল দাস আৰু তেওঁৰ দলে নিৰ্মাণ কৰি উলিয়াই এই সেঁতু।নিৰ্ধাৰিত সময়তকৈ আগতেই নিৰ্মাণ কৰা বাবে ধন্যবাদ জনাইছোঁ।গুৱাহাটী আৰু পাৰ্শ্বৱতী অঞ্চল সমূহত আগুৱাই নিব লাগিব।

তেওঁ কয়—গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দল নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ।নিৰ্ধাৰিত সময়ত কৈ ৬ মাহ আগত আৰম্ভ কৰিছোঁ এই কাম।২০১৩ৰ ডিচেম্বৰ মাহত সেই সেঁতু খন মুকলি কৰিব পাৰিম।এইমছ পাবলৈ এইটো বছৰতে আমি চেষ্টা কৰি আছো।চেৰাবভেটি ওপৰত এখন আৰু মালিগাঁওৰ ওপৰত এখন বিশাল সেঁতু পাব। বহল ৰাস্তা,যান-যত কমিব।এই সেতু খনৰ তলত ৰোতাৰী নিৰ্মাণ কৰা হৈছে,গুৱাহাটীৰ fly অভাৰ নিৰ্মাণৰ চিন্তা এইখনেই সলনি কৰিছে।এতিয়া নতুন কৈ নিৰ্মাণ কৰিব লগা সেঁতু সমূহ ৪ লেন যুক্ত হৈছে।

তেওঁ লগতে কয়— আগতে মন্ত্ৰী হৈ ভাল লাগিছিল,এতিয়া মন্ত্ৰীৰ কাম কষ্টৰ হ’ব।

অসমক আগুৱাবলৈ হ’লে কৰ্মসংস্কৃতি শ্ল’গান দিলে নহ’ব,কষ্ট কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

মানুহৰ মনৰ চেকগেট উঠাব লাগিব, ৰাজপথৰ চেকগেট নহয় বুলিও মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
তেওঁ কয়— গুৱাহাটীৰ উন্নয়নৰ কাৰণে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টা চলিছে। এই প্ৰচেষ্টাক মন্থন আৰু চিন্তাৰপৰা সুফলসমূহ হস্তান্তৰ কৰিব পাৰিছো। ২০১৯ চনত আমি আৰম্ভ কৰিছিলো ১ কিমি ২০০ মিটাৰৰ উৰণীয়া সেঁতু নিৰ্মাণৰ কাম। বহাগ বিহুৰ দিনাখন ফ্লাইঅ’ভাৰ খোলাৰ ইচ্ছা আছিল কিন্তু ক’ভিডৰ বাবে ৰ’বলগীয়া হ’ল। তথাপিও নিৰ্দ্ধাৰিত সময়তকৈ আগতেই এই কাম সম্পন্ন হ’ল । গুৱাহাটীত বহু কাম আমি হাতত লৈছো।

গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ক্ষিপ্ৰগতিত আগবাঢ়িছে।

২০২৩ চনৰ ডিচেম্বৰ মাহত আমি মুকলি কৰাৰ আশা কৰিছো।

মালিগাও আৰু ছেৰাপভাটিত দুখন বিশাল উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম চলি আছে। চানমাৰীৰ ৰেডিঅ’ চেন্টাৰৰ লগত ১২ বিঘা মাটিৰ উদ্যান হ’ব।

চন্দ্ৰপুৰ ক্ৰিয়া প্ৰকল্প হ’ব সৰুসজাইৰ দৰে। মালিগাঁৱৰ ফ্লাইঅভাৰৰ ওপৰত ৪টা লেন হ’ব আৰু তলত ২ টা বা চাৰিটা লেন হ’ব।
মালিগাওঁ ফ্লাইঅ’ভাৰে ২০ শতাংশ কাম সম্পূৰ্ণ কৰিছে। চেৰাপভাটি ফ্লাইঅ’ভাৰৰ ৩৫ শতাংশ কাম হৈছে।
নতুন ফ্লাইঅ’ভাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ – R.G Baruah ৰ’ডৰ পৰা গীতানগৰলৈ ।

৬ লেন ৰিং ৰ’ড নিৰ্মাণৰ চিন্তা-চৰ্চা চলিছে বুলিও তেওঁ কয়। যি পথে চুবগৈ ছিপাঝাৰ-কুৰুৱা পৰ্যন্ত । ব্ৰক্ষ্মপুত্ৰৰ ওপৰত গুৱাহাটীতেই ৪ খন দলং
হ’ব

গুৱাহাটী-কুৰুৱা,গুৱাহাটী- উত্তৰ গুৱাহাটী, চানমাৰীতো হ’ব ফ্লাইঅ’ভাৰ। চানমাৰীৰ ৰেডিঅ’ চেন্টাৰৰ লগত ১২ বিঘা মাটিৰ উদ্যান হ’ব।

মুখ্যমন্ত্ৰীয়ে কয়— আমি বেয়া কামবিলাকক জাষ্টিফাই কৰাতো স্বভাৱ হৈ পৰিছে। এই স্বভাৱ আঁতৰাব লাগিব। মানুহক লগত লৈ আমি আগুৱাই যাব লাগিব।

চৰকাৰী কাৰ্যালয়ত দালালৰাজ নিপাত কৰিবলৈ ৰাইজৰ বাবে আমি নিজেই বিনা পইচাৰ দালাল হ’ম বুলিও হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

 

Recent News

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd