• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত মুখ্যমন্ত্ৰীৰ সংবাদ মেল : অসম আৰক্ষীক আধুনিকীকৰণৰ পোষকতা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 9, 2021 7:47 pm
rt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত থকা বিলাসী হোটেল বৰগছত আজি অসম আৰক্ষীৰ এখন উচ্চস্তৰীয় বৈঠক মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৷

আলোচনাৰ শেষত মুখ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদ মেল সম্বোধন কৰে ।
সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে অসম আৰক্ষীক আধুনিকীকৰণৰ ক্ষেত্ৰত আলোচনা কৰিবলৈকে আজি আমি আলোচনাত মিলিত হলো ।

Apply Now

আলোচনাত অসম আৰক্ষীৰ সকলোবোৰ দিশৰ ওপৰত বিশ্লেষাত্মক আলোচনা কৰা হয় ৷ আলোচনাৰ শেষত আমি কেতবোৰ সিদ্ধান্ততো উপনীত হওঁ ৷
মুখ্যমন্ত্ৰী গৰাকীৰ মতে প্ৰতি ছমাহৰ অন্তৰে অন্তৰে ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ সৈতে এনেদৰে বৈঠকত মিলিত হ’ব ।

পৰৱৰ্তী বৈঠকখন দুলীয়াজানত অনুষ্ঠিত হ’ব । তদুপৰি আৰক্ষী অধীক্ষক সকলৰ দৰে উপায়ুক্ত সকলৰো একোখনকৈ বৈঠক প্ৰতি ছয়মাহৰ অন্তৰে অন্তৰে অনুষ্ঠিত হ’ব বুলিও তেওঁ জনায় ।
উপায়ুক্ত সকলৰ আগন্তুক বৈঠকখন অহা ৩০ আগষ্টৰ ভিতৰত ডিফুত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক সু-সজ্জিত কৰাৰ বাবে আগন্তুক সময়খিনিত ১০ টা আৰক্ষী বেটেলিয়ন গঠন কৰাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ঘোষণা কৰে ।

তেওঁৰ মতে ৰাজ্যখনৰ সীমান্তৱৰ্তী স্পৰ্শকাতৰ অঞ্চল সমুহত এই বেটেলিয়ন সমুহ নিয়োগ কৰা হ’ব । বিশেষকৈ অসম – নাগালেণ্ড সীমান্ত, তিনিচুকীয়া জিলাৰ স্পৰ্শকাতৰ অঞ্চল,বিটিআৰ অঞ্চল, পাৰ্বত্য জিলা সমুহত নিয়োজিত কৰা হ’ব এই বেটেলিয়নৰ জোৱান সকলক ।

মুখ্যমন্ত্ৰীৰ মতে প্ৰতি বছৰে চৰকাৰে যি এক লাখ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন কৰা কথা কৈছিল তাৰে অংশ স্বৰূপে এই বেটেলিয়নত নিযুক্তি দিয়াৰ উপৰিও উপ-পৰিদৰ্শক পৰ্যায়ত খালী থকা পদতো নিৱনুৱা যুৱক যুৱতীক নিযুক্তি দিয়া হ’ব ।

ইয়াৰ উপৰিও ৰাজ্যখনত আৰু সাতটা ফৰেনচিক লে’ৱৰটৰী স্থাপনৰ বাবে আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ৷ সংবাদ মেলত ড৹ শৰ্মাই আৰু কয় যে অসমত এতিয়াৰ পৰা কোনো ধৰনৰ গৰুৰ চোৰাং বেহা চলিবলৈ দিয়া নহ’ব ।

পশ্চিমবঙ্গৰ পৰা অসমৰ পথেৰে অহা গৰুৰো বেহা ইতিমধ্যে নিষিদ্ধ কৰা হৈছে । ৰাজ্যত চলা ড্ৰাগচ বিৰুদ্ধী অভিযানৰ ওপৰত মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ড্ৰাগছ সেৱন আৰু ড্ৰাগছৰ ব্যৱসায়ৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে শূণ্য সহনশীলতা নীতিৰে প্ৰতিৰোধ কৰিব আৰু এই ক্ষেত্ৰত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দৃষ্টি ৰাখিব বুলিও সংবাদ মেল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ৷ আজিৰ এই বৈঠক মুখ্যমন্ত্ৰীৰ ভাষণেৰেই সামৰণি পৰে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd