মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধানখন পঢ়ি চোৱা উচিত; ক’লে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে

Screenshot_20210708-151555-1140x570

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ সংবিধানখনৰ বিষয়ে অধিক অধ্যয়ন আৰু শিক্ষা ল’বলৈ আহ্বান জনাইছে।

অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এগৰাকী বিধায়কৰ ভূমিকা কেবল আইন প্ৰণয়ন কৰাহে, য’ত সেইবোৰ ৰূপায়ন কৰাৰ দায়িত্ব মন্ত্ৰীসকলৰহে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অখিল গগৈয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে তেওঁ যিমান দিনলৈকে মুখ্যমন্ত্ৰী হৈ থাকে তেতিয়ালৈকে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি সকলো চৰকাৰী বিষয়াই বিধায়কসকলৰ নহয়, মন্ত্ৰীসকলৰহে কথা শুনিব।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী শৰ্মাই সংবিধানখন পঢ়ি বিধায়ক আৰু মন্ত্ৰীসকলৰ ভূমিকা আৰু দায়বদ্ধতা সম্পৰ্কে জানি লোৱা উচিত।

‘’মই মুখ্যমন্ত্ৰীক সংবিধানৰ সপ্তম অনুসূচী তথা অনুচ্ছেদ ২৪৬ ভালদৰে পঢ়ি চাবলৈ আহ্বান জনাইছো য’ত এগৰাকী বিধায়কৰ ভূমিকা আৰু দায়বদ্ধতা সম্পৰ্কে স্পষ্টভাৱে উল্লেখ আছে,’’-বিধায়ক অখিল গগৈয়ে কয়।

তেওঁ লগতে কয়,’’এগৰাকী বিধায়কৰ ভূমিকা কেবল আইন প্ৰণয়নতে সীমাবদ্ধ নহয়। আন দায়িত্বৰ লগতে তেওঁলোকৰ সংশ্লিষ্ট সমষ্টিসমূহত আঁচনিসমূহ সঠিকভাৱে ৰূপায়ন কৰা হৈছেনে নাই সেয়া বিধায়কৰ দায়িত্ব।

অখিল গগৈয়ে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘’যিটো বিষয়ত তেওঁৰ কোনো জ্ঞান নাই’’ সেই বিষয়বোৰ কৈ ৰাজ্যখনৰ জনসাধাৰণক ‘বিভ্ৰান্ত’ নকৰিবলৈ সকীয়াই দিয়ে।