• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰাজয়ৰ ভয়! মুখ্যমন্ত্ৰীয়ে ৩ দিনত ৯ খনকৈ প্ৰচাৰ সভাত ভাগ লোৱাৰ পৰিস্থিতি আহিল কিয়?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
April 16, 2022 9:18 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন!
এইবাৰ খেলপথাৰত নামিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা!

যিকোনো প্ৰকাৰে গুৱাহাটী পৌৰ নিগম দখলত ৰখাৰ আখৰাত কাইলৈৰ পৰা তিনিদিন প্ৰচাৰ সভাত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে!

Apply Now

গুৱাহাটী পৌৰ নিগম বিজেপি মিত্ৰজোঁটে নিজৰ দখললৈ আনিবলৈ প্ৰত্যেক দিনাই ৰথী-মহাৰথীসকলে প্ৰচাৰ চলাই আহিছে। মন্ত্ৰী পিযুষ হাজৰিকা, বহু বিধায়ক তথা ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। ইফালে ৱাৰ্ডে ৱাৰ্ডে প্ৰাৰ্থী তথা বিজেপিৰ তৃণমূল কৰ্মীসকলে নিজৰ নিজৰ সদস্যসকলৰ হৈ প্ৰচাৰ চলাই আছে। কিন্তু ইয়াতো সন্তুষ্ট নহয় বিজেপি! পৰাজয়ৰ আশংকাই খেদি ফুৰিছে নেকি বিজেপিক? ভীতিগ্ৰস্ত হৈছে নেকি মুখ্যমন্ত্ৰী-ৰাজ্যিক সভাপতিৰ লগতে উচ্চস্তৰীয় নেতৃত্ব?

এই প্ৰশ্নৰ অৱতাৰণা এইবাবেই হৈছে যে মুখ্যমন্ত্ৰী নিজে নামিব গুৱাহাটী পৌৰ নিগমৰ প্ৰচাৰত।

কাইলৈৰ পৰা একেৰাহে তিনিদিন নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে।

১৭ এপ্ৰিলৰ বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা।

দেওবাৰে বিয়লি ৩ বজাত নাৰেঙ্গী; বিয়লি ৪ বজাত চান্দমাৰীৰ পেন্সন পাৰা, সন্ধিয়া ৫ বজাত গান্ধীবস্তিত, সন্ধ্যা ৬:৩০ বজাত গণেশপাৰাৰ চম্পাৱতী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ।

ইয়াৰোপৰি, ১৮ এপ্ৰিলৰ দিনা বিয়লি ২ বজাত
খানাপাৰাৰ গণেশ মন্দিৰ আভ্যন্তৰীণ ক্ৰীড়া প্ৰাঙ্গণ, বিয়লি ৪ বজাত লালগণেশ, সন্ধ্যা ৫ বজাত পূৱ গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে।

ঠিক সেইদৰে ১৯ এপ্ৰিলৰ বিয়লি ২ বজাত পশ্চিম গুৱাহাটীৰ ফৰেষ্ট গেটত অংশ লৈ বিয়লি ৩ বজাত জালুকবাৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্ত পৰিব মুখ্যমন্ত্ৰীৰ প্ৰচাৰ।

তাৎপৰ্য্যপূৰ্ণভাৱে ৩ দিনত ৯ খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে।

প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত থাকিব ২-৩ গৰাকীকৈ মন্ত্ৰী-সাংসদ আৰু বিধায়ক।

পিছে মুখ্যমন্ত্ৰীৰ ইমানবোৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ অৰ্থ কি?

প্ৰশ্ন হৈছে “বিজেপিয়ে গাই থকা বিকাশৰ জয়গানে
অন্তৰ চুব পৰা নাই নেকি গুৱাহাটীৰ ভোটাৰ ৰাইজৰ? নে পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাব নেকি ভোটাৰ ৰাইজৰ মাজত?

মহানগৰীৰ খোৱাপানী-কৃত্ৰিম বানপানী, জাৱৰ নিষ্কাষণৰ সমস্যাৰ সমাধান আজিলৈকে নহ’ল। সেয়েহে চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা ভংগ হৈছে নেকি?

২০০৯ চনৰে পৰা গুৱাহাটীবাসীয়ে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত বৰ্তমানলৈকে চূড়ান্ত প্ৰহসনৰ সন্মুখীন হৈ আহিছে মহানগৰবাসী। তাৰোপৰি কৃত্ৰিম বানপানী, অপৰিষ্কাৰ নলা নৰ্দমা, ষ্ট্ৰীট লাইটৰ সমস্যাকে ধৰি অন্যান্য বহু সমস্যাৰে জৰ্জৰিত মহানগৰবাসী।

বিগত প্ৰায় ৬ টাকৈ বছৰ শাসনত থাকিও এইসমূহ সমস্যাৰ সমাধান কৰিব নোৱাৰাৰ বাবে নিশ্চয়কৈ শাসকীয় বিজেপি পৰাজয়ৰ আশংকাত ভোগাটো স্বাভাৱিক। সেয়েহে পৌৰ নিগমৰ নিৰ্বাচনতে ৰথী-মহাৰথী আনকি মুখ্যমন্ত্ৰীয়ে তিনিদিনত ৯ খনকৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd