‘’গুৱাহাটী আৰু ছিংগাপুৰৰ মাজত ভূটানৰ দ্ৰুক এয়াৰৰ দ্বাৰা আৰম্ভ কৰা নতুন আন্তৰ্জাতিক বিমান সেৱাই ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিহব,‘’— বৃহস্পতিবাৰে মহানগৰীৰ তাজ ভিভাণ্টা হোটেলত এই আন্তৰ্জাতিক বিমান সেৱাৰ শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়। মুখ্যমন্ত্ৰী সোণোৱালে গুৱাহাটী আৰু ছিংগাপুৰৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰা পদক্ষেপৰ বাবে ভূটান চৰকাৰৰ লগতে দ্ৰুক এয়াৰক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে অহা ১ ছেপ্টেম্বৰত গুৱাহাটী আৰু ছিংগাপুৰৰ মাজত প্ৰথমখন বিমানে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিব।
এই বিমান সেৱাই কেৱল মাত্ৰ বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে ইয়াৰ জৰিয়তে ভূটান-অসম আৰু ছিংগাপুৰৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক উন্নীতকৰণৰে সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ়কৰণৰ দিশত বিশেষভাৱে বৰঙণি যোগাব বুলিও মুখ্যমন্ত্ৰী সোণোৱালে আশা প্ৰকাশ কৰে।
‘’ভাৰত আৰু ভূটানৰ মাজত ঐতিহাসিকভাৱে ভাল সম্পৰ্ক বিৰাজমান। ভূটান হ’ল ভাৰতৰ সুহৃদ প্ৰতিৱেশী ৰাষ্ট্ৰ। ভূটানে পূৰ্বৰে পৰা শান্তি আৰু মানৱীয় প্ৰমূল্যবোধৰ ওপৰত আধাৰিত এক সম্পৰ্ক গঢ়ি তোলাৰ দিশত ইতিবাচক পদক্ষেপ লৈ আহিছে,’’ মুখ্যমন্ত্ৰীয়ে কয়।
বৃহস্পতিবাৰৰ এই উদ্বোধনী অনুষ্ঠানত ভূটান চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ উপদেষ্টা কৰ্মা ছেলট্ৰিন, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, গুৱাহাটীস্থিত ভূটানৰ বাণিজ্যিক দূতাৱাস কাৰ্যালয়ৰ এম্বেছাডৰ কেচাং ৱাংডী, ভূটান চৰকাৰৰ উচ্চপদস্থ বিষয়া, দ্ৰুক এয়াৰ কৰ্প’ৰেশ্যন লিমিটেডৰ উচ্চপদস্থ বিষয়াৰ লগতে ৰাজ্য চৰকাৰ, এয়াৰপ’ৰ্ট অথ’ৰিটী অব ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।