পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ আহ্বানেৰে ‘প্ৰণাম’ আয়োগৰ শুভাৰম্ভ মুখ্য মন্ত্ৰীৰ
কৰ্মচাৰীৰ পিতৃ-মাতৃৰ প্ৰতি থকা কৰ্তব্যক আইনী ব্যৱস্থাৰে সামৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সোণোৱালে আজি উদ্বোধন কৰে প্ৰণাম আয়োগৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতাল প্ৰেক্ষাগৃহত অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত প্ৰণাম আয়োগৰ শুভ উদ্বোধন কৰি সৰ্বানন্দ সোণোৱালে অসম চৰকাৰে গুৰুজনাৰ আদৰ্শৰে ‘প্ৰণাম’ আঁচনিখন শুভাৰম্ভ কৰা বুলি মন্তব্য কৰে।
ভাষণ প্ৰসংগত সোণোৱালে চৰকাৰী কৰ্মচাৰীসকলক প্ৰণাম আয়োগৰ প্ৰতি দায়িত্বশীল হ’বলৈ আহ্বান জনায়।গুৰুজনাৰ আদৰ্শক হৃদয়ত স্থান দিব নোৱাৰাৰ বাবেই অসমত আজি আইনী ব্যৱস্থাৰ প্ৰয়োজন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। চৰকাৰী কৰ্মচাৰীসকলে পিতৃ-মাতৃৰ প্ৰতি ভক্তিভাৱ প্ৰদৰ্শন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ মনত শ্ৰদ্ধা-ভক্তিৰ চেতনা জগাই তুলিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
আনহাতে, অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘প্ৰণাম’ আইনৰ জৰিয়তে ৪ লাখ কৰ্মচাৰীৰ ৮ লাখ পিতৃ-মাতৃক সুৰক্ষাৰ ডোলেৰে বান্ধিবলৈ চৰকাৰে প্ৰয়াস চলাইছে। আস্থা আৰু বিশ্বাস পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলে আদৰ্শ প্ৰতিষ্ঠা কৰিব লাগিব বুলিও হিমন্তই মন্তব্য কৰে।
অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে প্ৰণাম আয়োগৰ নৱ নিযুক্ত মুখ্য আয়ুক্ত ভি বি প্যাৰেলাল, আয়ুক্তদ্বয় অলকা শৰ্মা দেশাই আৰু যোগবালা বুঢ়াগোহাঁইক নিযুক্তিপত্ৰ প্ৰদান কৰে।
উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বিধায়ক অশোক সিংহাল, বিনন্দ কুমাৰ শইকীয়া, সুৰেন ফুকন আদি উপস্থিত থাকে।