• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰএছএছ-বিজেপিয়ে উত্তৰ-পূবৰ সংস্কৃতি, ঐতিহ্য, জীৱন-প্ৰণালীৰ ওপৰত আক্ৰমণ কৰিছে : ৰাহুল গান্ধী

"কংগ্ৰেছে অসম তথা উত্তৰ-পূবৰ ভাষিক, সাংস্কৃতিক, ঐতিহ্যৰ স্বকীয়তা বিনষ্ট কৰিবলৈ নিদিয়ে"

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 26, 2019 10:11 pm
Rahul Gandhi public rally

আজি গুৱাহাটীত এটা নিৰ্বাচনী সমাৱেশত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী আৰু অন্যান্যসকল। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাৱাহাটীত এটা বিশাল সমাৱেশৰ আগত ভাষণ দি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে কয় যে বিজেপি আৰু ইয়াৰ আদৰ্শগত আধাৰ সংগঠন আৰ এছ এছে অসমকে ধৰি উত্তৰ-পূবৰ ওপৰত ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে। উত্তৰ-পূবৰ সকলো ৰাজ্যৰ সংস্কৃতি, ঐতিহ্য, ভাষা, জীৱন প্ৰণালীৰ ওপৰত আৰ এছ এছৰ আদৰ্শগত কাৰ্য্যসূচীৰ আগ্ৰাসন চলিছে।

আৰ এছ এছ-বিজেপিৰ আদৰ্শই এতিয়া অসমৰ লগতে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যত জুই জ্বলাই থকাৰ অভিযোগ আনে কংগ্ৰেছৰ সভাপতিজনে।

Apply Now

তেওঁ উত্তৰ-পূবৰ থলুৱা মানুহৰ ভাষা, ঐতিহ্য, সংস্কৃতিৰ স্বকীয়তা আৰু ইয়াৰ মানুহৰ মিলা-প্ৰীতিৰ শলাগ লয়।

“যেতিয়া ২০১৪-অত দিল্লীত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিল আৰু তাৰ পাছত অসম-অৰুণাচল প্ৰদেশতো বিজেপি শাসনলৈ আহিল তেতিয়াৰ পৰাই এই অঞ্চলৰ ইতিহাস আৰু সংস্কৃতিৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ’ল”, বিজেপিৰ এক সংস্কৃতিৰ ভাৰতৰ লক্ষ্যৰ প্ৰসংগেৰে গান্ধীয়ে কয়।

উত্তৰ-পূবৰ খিলঞ্জীয়া ৰাইজৰ স্বকীয়তাৰ ওপৰত কংগ্ৰেছে এই আক্ৰমণ হৈ থাকিবলৈ নিদিয়ে বুলিও ৰাহুল গান্ধীয়ে সমাৱেশত উপস্থিত জনতাক আশ্বাস দিয়ে।

“আমি উত্তৰ-পূবৰ ইতিহাস, ভাষা-সংস্কৃতি ৰক্ষা কৰিম আৰু নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতৰ মুখত উচিত উত্তৰ দিম”, ৰাহুল গান্ধীৰ ঘোষণা।

Rahul Gandhi public rally supporter
আজি গুৱাহাটীৰ সমাৱেশৰ বাবে অহা কংগ্ৰেছৰ সভাপতিৰ সমৰ্থনত এইদৰে এজন যুৱক। ফটো : য়ু বি।

“আৰ এছ এছে ঘৃণাৰ মনোভাব বিয়পায়” বুলিও কংগ্ৰেছ সভাপতিগৰাকীয়ে উপস্থিতসকলক সোঁৱৰাই দিয়ে। তেওঁ লগতে হাৰিয়ানাত জাঠ সম্প্ৰদায় আৰু অনা-জাঠৰ মাজৰ সংঘৰ্ষ, মহাৰাষ্ট্ৰৰ পৰা বিহাৰ-উত্তৰ প্ৰদেশৰ লোকক খেদি দিয়া, দিল্লীত উত্তৰ-পূবৰ লোকক ভীতিগ্ৰস্ত কৰা, বাংগালুৰুত মহিলাক আক্ৰমণ কৰা আদি ঘটনাসমূহ আৰ এছ এছে বিস্তাৰ কৰা ঘৃণাৰ ফল বুলিও অভিহিত কৰে।

“কংগ্ৰেছে হিন্দুস্তানক এটা ছাতিৰ তলত একগোট কৰিব বিচাৰে য’ত হিংসা বিদ্বেষ নাথাকে”, ৰাহুল গান্ধীৰ মন্তব্য।

ভাৰতৰ প্ৰতিখন ৰাজ্যৰ সকলো ভাষা, সংস্কৃতি, মানুহৰ বিচাৰধাৰা, জীৱন প্ৰণালী এই আটাইবোৰ মিলিয়ে হিন্দুস্তান গঢ় লৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে কাৰোবাৰ অস্তিত্ব আৰু স্বকীয়তাক দমন কৰিব বিচৰা মানে হিন্দুস্তানক আঘাত কৰা।

“কংগ্ৰেছে বিচাৰে বৈচিত্ৰ্যৰ মাজত প্ৰেম আৰু ভাতৃত্ববোধেৰে দেশখন আগবাঢ়ি যাওক। কিন্তু বিজেপিয়ে বিচাৰে দেশৰ ৰাজত্ব নাগপুৰৰ পৰা হওক আৰু এটাই বিচাৰধাৰা, এটাই ভাৱনা দেশত জাপি দিব বিচাৰে”, এক সংস্কৃতিৰ ধাৰণাটোৰ বিৰোধিতা কৰি কংগ্ৰেছৰ সভাপতিজনে কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd