• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটৰ ডাবিডুৰিত অসম অগৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

অগৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ শ্বহীদ কুশল কোঁৱৰৰ নামেৰে নামাকৰণ কৰা হ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2020 7:29 pm
DSC_5337
238
VIEWS
Share on FacebookShare on Twitter

বাজ্যখনৰ ঔদ্যোগিক খণ্ডৰ উত্তৰণৰ এক বৃহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গোলাঘাট জিলাৰ ডাবিডুবিত দেশৰ ভিতৰতে প্রথম অসম অগৰ আন্তর্জাতিক বাণিজ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। দেশৰ ভিতৰতে প্রথম এই আন্তর্জাতিক অগৰ বাণিজ্য কেন্দ্ৰই ৰাজ্যখনৰ অগৰ উৎপাদনকাৰী আৰু ইয়াৰ লগত জড়িত উদ্যোগীসকলৰ ব্যৱসায়িক সম্ভাৱনীয়তা বিকশাই তোলাৰ দিশত বিশেষভাৱে সহায় কৰিব।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে বৰ্তমানৰ ৰাজ্য চৰকাৰখনলৈ আগবঢ়াই অহা সহায়-সহযোগিতাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰি কয় যে অসম অগৰ আন্তর্জাতিক বাণিজ্য কেন্দ্ৰই ৰাজ্যখনক আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হ’ব।

২০২২ চনৰ ভিতৰত ৰাজ্যখনৰ কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশত ৰাজ্য চৰকাৰৰ দায়ৱদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অগৰ আন্তর্জাতিক বাণিজ্য কেন্দ্ৰ এই পদক্ষেপসমূহৰ ভিতৰত এক বৃহৎ পদক্ষেপ বুলিও উল্লেখ কৰে।

ৰাজ্যখনৰ ঔদ্যোগিক বিকাশৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে লোৱা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰখনে শাসনভাৰ লোৱাৰ পিছতেই ৰাজ্যখনৰ ওদ্যোগিক বিকাশৰ দিশত সহায়ক হোৱাকৈ চৰকাৰখনে ‘এডভাণ্টেজ আছাম শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনৰ আয়োজন কৰিছিল।

এই বিশ্ব বিনিয়োগ সন্মিলনতে ৰাজ্যখনত ৭৯ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্ৰুতিৰে ২৪০ খনতকৈও অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল বুলিও মুখ্যমনত্ৰীয়ে কয়।

ইয়াৰ ভিতৰত ৪০ হাজাৰ কোটি টকা ইতিমধ্যে বিভিন্ন খণ্ডত বিনিয়োগেৰে ৰাজ্যখনৰ ওদ্যোগিক বিকাশৰ দিশত এক অনুকূল পৰিৱেশ সৃষ্টি হৈছে বুলিও মুখ্যমনত্ৰীয়ে কয়।

বিকাশৰ এই দ্ৰুত ধাৰা অব্যাহত আছে যদিও ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ বাবে চৰকাৰখনে ‘ভৱিষ্যতেও এক সঠিক পৰিকল্পনাৰে আগবঢ়াৰ বাবে পদক্ষেপ লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি উপযুক্ত সন্মান প্রদৰ্শন কৰাৰ বাবে অসম অগৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰটো শ্বহীদ গৰাকীৰ নামেৰে নামাকৰণ কৰা হ’ব বুলিও মুখ্যমন্্ৰীয়ে ঘোষণা কৰে।

অনুষ্ঠানত বক্তব্য প্রদান কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যখনৰ সামগ্ৰিক উদ্যোগিক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্রহণ কৰা বলিষ্ঠ পদক্ষেপৰ শলাগ লয়। এই অগৰ বাণিজ্য কেন্দ্ৰটোৰ নিৰ্মাণ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰতে নিশ্চিত কৰাৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগে বিশেষ পদক্ষেপ ল’ব বুলিও তেওঁ কয়।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত সচিব ডঃ কে কে দ্বিৱেদীয়ে আদৰণি ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াইও ভাষণ প্রদান কৰে।

অনুষ্ঠানত লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, অসম ওদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাস, উপাধ্যক্ষ জিতু তালুকদাৰ, অসম চাহ নিগম লিমিটেডৰ অধ্যক্ষ অমিয় কুমাৰ বৰা, অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱাল, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Recent News

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd