• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্দোলন কৰিলে জাতিৰ স্বাৰ্থ সুৰক্ষিত নহয়, আন্দোলনকাৰীয়ে সৃষ্টি কৰিছে অশান্তি : সোণোৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 8, 2019 10:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী হিচাপে ছাত্ৰাৱস্থাৰ পৰা বিদেশী সমস্যাকে ধৰি অসমৰ অন্যান্য জলন্ত সমস্যাৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰি মুখ্য মন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা সৰ্বানন্দ সোণোৱাল এতিয়া আন্দোলনৰ ঘোৰ বিৰোধী।

এসময়ত আই এম ডি টি আইন বাতিলৰ বাবে আছুৰ পৰা ‘জাতীয় নায়ক’ৰ সন্মান লাভ কৰা সোণোৱালৰ মুখত আজি আন্দোলন আৰু আন্দোলনকাৰীৰ বিৰুদ্ধে আখৈ ফুটাদি ফুটিল কেতবোৰ মন্তব্য।

Apply Now

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ হৈ থকাৰ মাজতে আজি গণেশগুৰিৰ পৰা খানাপাৰা সংযোগী উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰি ভাষণ প্ৰসংগত আন্দোলন আৰু আন্দোলনকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্য মন্ত্ৰীগৰাকী।

‘কাম নকৰি কেৱল আন্দোলন কৰি থাকিলে এইখন অসমত পৰিৱৰ্তন আহিব নোৱাৰে।‘ বুলি উল্লেখ কৰি সোণোৱালে কয়, ‘ৰাজপথত আন্দোলন কৰিলেই জাতীয় স্বাৰ্থ সুৰক্ষিত নহয়। ইয়াৰ বাবে নিজ নিজ কৰ্মভূমিত নিষ্ঠা আৰু সততাৰে শ্ৰদ্ধা আৰু ভক্তিৰে কৰ্ম সংস্কৃতিত আত্ম নিয়োগ কৰিব লাগিব।‘

তেওঁ আৰু কয়, ‘পূৰ্বৰ আন্দোলন সমূহৰ পৰা আপোনালোকে কথাবিলাক শিকিবলৈ চেষ্টা কৰক। আমি সকলোৱে বৰাক-ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বসতি সন্ততি। ইয়াৰ শক্তি, সম্পদ আৰু সম্ভাৱনাৰ বিকাশ ঘটাব লাগিব।‘

তাৎপয্যপূৰ্ণভাৱে সোণোৱালৰ বক্তব্যতে স্পষ্ট হৈ পৰিল অসমৰ আন্দোলনকাৰীসকলে অশান্তিৰ সৃষ্টি কৰিছে।

‘ইয়াত অশান্তি সৃষ্টি কৰিলে অসমৰ ভৱিষ্যত কোনো যুক্তিতেই পৰিৱৰ্তন হ’ব নোৱাৰে।‘ এইদৰে সদৰী কৰি তেওঁ লগতে আন্দোলনকাৰীক আহ্বান জনাই কয় ‘গতিকে আন্দোলনকাৰীসকলক আহ্বান জনাইছো আপোনালোকে আন্দোলনৰ যোগেদি অসমৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে। উঠি অহা চামটোক আন্দোলনৰ পৰিৱৰ্তে শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ প্ৰয়াস কৰক।‘

ইপিনে, সোণোৱালে কৰা এই মন্তব্যৰ পাছতেই তেওঁক উভটি ধৰিছে একালৰ সতীৰ্থ ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

‘তেওঁ আন্দোলন কৰি গৈয়েই এতিয়া মুখ্য মন্ত্ৰীৰ আসনত বহি আছে। মুখ্য মন্ত্ৰীৰ আসনত বহি এতিয়া আন্দোলনৰ ভাষা বুজিবলৈ তেওঁৰ কিয় সাহস নাই? তেওঁ সাহস গোটাওঁক।‘ সোণোৱালক কটাক্ষ কৰি ভট্টাচাৰ্য্যই এইদৰে কয়।

ইপিনে, সোণোৱালে ছাত্ৰ-ছাত্ৰীক আন্দোলনৰ পৰিৱৰ্তে অধ্যয়নত মনোনিবেশ কৰিবলৈ দিয়া পৰামৰ্শৰ প্ৰত্যুত্তৰ দি ভট্টাচাৰ্য্যই কয় ‘এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলনো কৰিব লগতে পঢ়িবওঁ। তেওঁলোকে অধ্যয়নো কৰিব আৰু অসমখনক বচাব আৰু জাতিটোক বচাব। কিন্তু বাংলাদেশীৰ ভোটত দিল্লীৰ আজ্ঞাবাহী হৈ থকা ৰাজ্য চৰকাৰৰ মুখ্য মন্ত্ৰী আৰু মন্ত্ৰীসকলৰ কথা অসমৰ ৰাইজে নুশুনে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd