মাজুলীত ৩১টা আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

মাজুলীৰ ২৩৬ টা ভুমিহীন পৰিয়ালক ভুমিপত্ৰ বিতৰণ

5691f2e5-e973-4d9b-9c6d-f982c99e35aa

মাজুলীৰ কমলাবাৰীৰ মিলন সংঘত আজি অনুষ্ঠিত এক অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ ২৩৬টা থলুৱা ভূমিহীন পৰিয়ালক ভূমিৰ আৱণ্টনপত্ৰ প্ৰদান কৰে। লগতে  মাজুলী জিলাত গড়কাপ্তানি বিভাগে অনুমোদন জনোৱা ২০টা পথ আৰু ১১খন পকী দলং নিৰ্মাণৰ মুঠ ১৬৮.৩৯ কোটিটকীয়া আঁচনিৰ ৰূপায়ণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

এই পথ-দলং নিৰ্মাণ আঁচনিৰ ভিতৰত আছে, ৰাজ্যৰ নিজা অগ্ৰাধিকাৰৰ উন্নয়ন আঁচনি ২০১৮-১৯ৰ অধীনৰ ২০টা পথৰ নিৰ্মাণ কাৰ্য, অনুমোদিত মুঠ পুঁজি ১১০.২৪ কোটি টকা, (২) মহাবীৰ লাচিত-চিলাৰায় সেতু নিৰ্মাণ আঁচনি ২০১৮-১৯ৰ অধীনৰ ৮খন পকী দলঙৰ নিৰ্মাণ কাৰ্য, অনুমোদিত মুঠ পুঁজি ৪৬.২৯ কোটি টকা, (৩) ৰাজ্যৰ ১০০০খন কাঠৰ দলং পকী দলঙলৈ উন্নীতকৰণ আঁচনিৰ অধীনৰ ৩খন পকী দলং নিৰ্মাণ, অনুমোদিত মুঠ ব্যয় ১১.৮৬ কোটি টকা।

বিধায়ক পুঁজিৰ সুহৃদ আঁচনিৰ অধীনত চলিত বৰ্ষত  বাচনি কৰা ৬২১গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ১১গৰাকী ৰোগীলৈ আৰ্থিক সাহাৰ্যৰ চেক বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। এই আঁচনিৰ মুঠ সাহাৰ্য ৰাশি হৈছে ৩২.৫০ লাখ টকা । ৰাজ্য চৰকাৰৰ শিথিল পুঁজিৰ পৰা চলিত বৰ্ষত মাজুলীৰ ২১১টা কলা-কৃষ্টি কেন্দ্ৰলৈ মুঠ ২.৯৫ কোটি টকাৰ অনুদান  বিতৰণৰ প্ৰক্ৰিয়াও আজিৰ অনুষ্ঠানতে মুকলি কৰা হয়। মুখ্যমন্ত্ৰী সোণোৱালে ইয়াৰে ১০টা কলা-কৃষ্টি কেন্দ্ৰক ৭০ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ অনুদানৰ চেক প্ৰদান কৰে।