• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NRC-ত লাখ লাখ বিদেশীৰ নাম থকা বুলি অমিত শ্বাহক স্মাৰকপত্ৰ মুখ্য মন্ত্ৰীসহ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ

এন আৰ চি সন্দৰ্ভত মৌন মুখ্য মন্ত্ৰীৰ স্থিতি অৱশেষত প্ৰকাশ পালে স্মাৰকপত্ৰত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 8, 2019 7:37 pm
Assam CM Sonowal greets people on Eid-Ul-Fitr

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস সহিতে দলটোৰ ৰাজ্যিক নেতৃত্বই আজি উত্তৰ পূব পৰিষদৰ সন্মিলনস্থলীতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এন আৰ চিৰ বিসংগতিক লৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে।

মুখ্য মন্ত্ৰীয়ে দলটোক সংগ দিয়াৰ ঘটনাই এন আৰ চি সম্পৰ্কত তেওঁৰ যে আপত্তি আছে তাৰ ইংগিত বহন কৰিছে।

Apply Now

এন আৰ চি প্ৰকাশ হোৱা এসপ্তাহৰো বেছি হ’ল যদিও ৰাজ্যখনৰ মুৰব্বী হিচাপে সৰ্বানন্দ সোণোৱালে এই সম্পৰ্কত লক্ষণীয় নীৰৱতা অৱলম্বন কৰি আহিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে সভাপতি ৰঞ্জিত দাস আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যোৱা বিজেপিৰ সঁজাতী দলটোৰ সৈতে আধা ঘণ্টা সময় এন আৰ চি সন্দৰ্ভত আলোচনা কৰে।

সংবাদ মাধ্যমৰ আগত সভাপতি ৰঞ্জিত দাসে কয়, স্মাৰকপত্ৰত এন আৰ চিত লাখ লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু তাৰ বিপৰীতে লাখ লাখ স্বদেশীৰ নাম বাদ পৰা বুলি উল্লেখ কৰা হয়।

দাসৰ মন্তব্যৰ দ্বাৰা প্ৰমাণ হয় যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো বিজেপিৰ দলীয় স্থিতিৰ সৈতে একমত আৰু তেৱোঁ এন আৰ চিত লাখ লাখ বিদেশীৰ নাম সোমোৱা বুলি ভাবে।

যোৱা ৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ প্ৰাক মুহূৰ্তত মুখ্য মন্ত্ৰীজনে ইয়াক জাতীয় দলিল আখ্যা দিছিল।

“কোনো বিদেশী ভাৰতত থাকিব নোৱাৰিব তথা ১৯৭১ চনৰ আগৰ ভাৰতীয়ৰ নাম বাদ পৰিব নোৱাৰিব”, সঁজাতী দলটোক আশ্বাস দিয়া বুলি দাবী কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনৰ উদ্ধৃতি ৰঞ্জিত দাসৰ।

দাসে লগতে কয়, “কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে ইতিমধ্যে ইয়াৰ পৰিকল্পনা কৰা বুলি কৈছে। আগন্তুক দিনত পৰিকল্পনাসমূহ বাস্তৱত দেখিবলৈ পাব। নাম বাদ পৰা ভাৰতীয় লোকে চিন্তা কৰাৰ কোনো কাৰণ নাই বুলি তেওঁ কৈছে।”

ইপিনে কাইলৈ কলাক্ষেত্ৰত হ’ব লগীয়া নেডাৰ বৈঠকতো শ্বাহে এন আৰ চি সন্দৰ্ভত বিতংকৈ বক্তব্য ৰাখিব বুলি দাসে জানিবলৈ দিয়ে।

দলটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সভাপতি ৰঞ্জিত দাসকে ধৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আছিল।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd