NORTHEAST NOW (Assamese)

প্ৰাক্তন সাংসদ ৰাণী নৰহক চমন মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ

September 18, 2023 4:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 18, 2023 4:10 pm

সাংসদৰ পুঁজি কেলেংকাৰিৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স চেলে লখিমপুৰৰ প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা প্ৰাক্তন সাংসদ ৰাণী নৰহক চমন কৰে।

১৯ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ এছভিচি কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে সাংসদগৰাকীক।

সূত্ৰ অনুসৰি যোৰহাট জিলাৰ হেণ্ড পাম্প প্লাণ্টৰ বাবে ২০১৩-১৪ চনত ৰাণী নৰহৰ এমপিএলএডিৰ পুঁজিলৈ ধন আবণ্টন দিয়া হৈছিল যদিও ২০১৭ চনত এমপিএলএডিৰ পুঁজিত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু হৈছিল।

মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ পৰা চমন পোৱাৰ পিছত ৰাণী নৰহে কয়, “মই ২০১৯ চনতেই চিএম ভিজিলেন্সৰ পৰা চমন পাইছিলোঁ, অৱশ্যে সেই সময়ত তেওঁলোকে কৈছিল যে মই ভিজিলেন্সৰ ওচৰলৈ যোৱাটো প্ৰয়োজনীয় নহয়।”

‘কিন্তু এতিয়া তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ বিষয়টোক অন্য দিশলৈ ঠেলি দিবলৈ মোৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ কৰিছে।’’ তেওঁ লগতে কয়।

Related News