এখন চলন্ত ৰে’ল। গন্তব্যস্থান অভিমুখে যাত্ৰা কৰি থকাৰ সময়তে হঠাতে ৰে’লৰ ইঞ্জিন আৰু সমুখৰ কেইটামান ডবাৰ পৰা বিচ্ছিন্ন হৈ পৰে পিছৰ কেইবাটাও ডবা। এই আকস্মিক ঘটনাত আতংকিত হৈ পৰে ডবাকেইটাত থকা যাত্ৰীসকল।
অৱশ্যে কোনো হানি-বিঘিনি নঘটাকৈ ৰক্ষা পৰে ৰে’লযাত্ৰীসকল। এই ঘটনা আজি সংঘটিত হৈছে বিহাৰত। বিহাৰৰ মাঝাউলিয়া ষ্টেচনৰ সমীপত চলন্ত অৱস্থাত এই উদ্বেগজনক অঘটনৰ সৃষ্টি হয় ৰক্সাউল-আনন্দ বিহাৰ সত্যগ্ৰহ এক্সপ্ৰেছত।
ৰাক্সাউলৰ পৰা আনন্দ বিহাৰ টাৰ্মিনেল অভিমুখে যাত্ৰা কৰা সত্যগ্ৰহ এক্সপ্ৰেছ সূচী অনুসৰি কিছু মুহূৰ্তৰ বাবে মাঝৌলীয়া ষ্টেচনত ৰয়। কিন্তু মাঝৌলীয়া ষ্টেচন পৰা ওলোৱাৰ সময়তে সমুখৰ ডবা তথা ইঞ্জিনৰ পৰা পৃথক হৈ পৰে ডবাকেইটা।
ৰে’লখনৰ এটা অংশ ইঞ্জিনৰ সৈতে ১০০ মিটাৰ আগুৱাই যোৱাৰ বিপৰীতে ৰে’লৰ আন আধা অংশ ষ্টেচনতে থাকি যায়।
অৱশ্যে ৰে’লখনৰ গতিবেগ মন্থৰ হোৱাৰ বাবে এক বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে। যাত্ৰীসকল কিছু মুহূৰ্তৰ বাবে এই ঘটনাত আতংকিত হৈ পৰে যদিও কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে।
Bihar | Five bogies of Satyagraha Express train detached from engine near Bettiah Majhaulia station on the Muzaffarpur-Narkatiaganj railway section. East Central Railway officials present at the spot. No injuries to passengers reported. More details awaited. pic.twitter.com/7v2hCCI2UY
— ANI (@ANI) February 2, 2023
ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে ৰে’ল বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। বিভাগে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।