অসমত কোল ইণ্ডিয়াৰ অবৈধভাৱে ৪,৯০০ কোটি টকাৰ কয়লা খনন, আয়োগৰ প্ৰতিবেদনত গোঁমৰফাঁক

প্ৰতিনিধিত্বমূলক ছবি

দেশৰ অন্যতম বৃহৎ বৰ্ষাৰণ্য দিহিং পাটকাইত কোল ইণ্ডিয়া লিমিটেডে অবৈধ ভাবে কয়লা খনন কৰাৰ তথ্য পোহৰলৈ আহিছে।

২০২১ চনৰ ডিচেম্বৰত ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কাটাকেকলৈ গঠিত এজনীয়া আয়োগৰ প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে।

অসম বিধানসভাত উত্থাপন কৰা হয় প্ৰায় ৩০০ পৃষ্ঠাতকৈও অধিক পৃষ্ঠাৰ প্ৰতিবেদনখনত উত্তৰ-পূব কয়লাক্ষেত্ৰ, বা এনইচি, কোল ইণ্ডিয়া লিমিটেডৰ সহায়ক কোম্পানী, যিটো কোম্পানীয়ে কয়লা খননৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ তথ্য আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

কোম্পানীটোৱে ২০০৩ চনৰ পৰা খননৰ অধিকাৰ নথকা অঞ্চলবোৰত খনন চলাই ৪,৮৭২ কোটি টকা মূল্যৰ কয়লা আহৰণ কৰিছিল। কোম্পানীটোৱে ২০০৩ চনত তেওঁলোকৰ ম্যাদ উকলি যোৱাৰ পিছত খননৰ অনুমোদন নৱীকৰণ কৰাত ব্যৰ্থ হৈছিল। ২০১৯ চনতহে অসম চৰকাৰে ২০০৩ চনৰ পৰা ২০২৩ চনলৈ লীজৰ ম্যাদ বৃদ্ধি কৰাৰ নিৰ্দেশ দিছিল ।

আয়োগে পৰামৰ্শ দিছিল যে ৰাজ্য চৰকাৰে ২০০৩ ৰ পৰা ২০২১ চনৰ ভিতৰত এই অবৈধ খনিবোৰৰ পৰা কোম্পানীৰ উপাৰ্জনৰ সম্পূৰ্ণ পৰিমাণ এনইচিৰ পৰা পুনৰুদ্ধাৰ কৰিব লাগিব – সেই ধনৰ পৰিমাণ ৪,৮৭২ কোটি টকা বুলি ধাৰ্য কৰা হৈছে।

আয়োগে লগতে উল্লেখ কৰে যে ২০২০ চনত ৰাজ্যৰ বন বিভাগে ইতিমধ্যে ৯৮.৫৯ হেক্টৰ বনভূমিত অবৈধভাৱে খনন কৰাৰ বাবে এনইচিৰ ওপৰত ৪৩.২ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে।

এই ক্ষেত্ৰত বন বিভাগে কৰা হেমাহিৰ কথাও প্ৰতিবেদন খনত স্পষ্ট ভাবে উল্লেখ কৰা হৈছে।

ইপিনে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং পাটকাই বনাঞ্চলত কোল ইণ্ডিয়াৰ অধীনস্থ কোম্পানীয়ে কৰা অবৈধ কয়লা খননৰ বিৰুদ্ধে এতিয়া জাগি উঠিছে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন।