DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উজনি অসমৰ ডিমৌত মাঘী উৎসৱত ‘নিষিদ্ধ’ কুকুৰা যুঁজ আৰু বাজি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2019 4:55 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰ নিষিদ্ধ কৰা কুঁকুৰা যুঁজ ডিমৌত আজি পৰম্পৰা ৰক্ষা কৰি চলি থকা দেখা গৈছে। মাঘ বিহু উপলক্ষে ডিমৌৰ দাঁতি কাষৰীয়া অঞ্চল কাছমাৰিত আজিৰ পৰা তিনিদিনীয়াকৈ এক বৃহৎ মেলাৰ আয়োজন কৰে স্থানীয় লোকসকলে, যিটো আগৰ বছৰবোৰৰ ব্যতিক্ৰম নহয়।

মাঘীমেলা নামেৰে পৰিচিত এই উৎসৱস্থলীত বৃহৎ সংখ্যক লোকৰ সমাগম হয় আৰু নানা তৰহৰ বয়বস্তুৰ কিনা-বেচাৰ লগতে কুকুৰা যুঁজ অনুষ্ঠিত হয়। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই।

প্ৰসংগক্ৰমে ক’ব পাৰি, কুকুৰা যুঁজাই বিশেষকৈ ওচৰৰ-পাঁজৰৰ চাহ বাগানৰ লোকসকলে। তেওঁলোকে প্ৰায় এমাহ-দুমাহৰ আগৰ পৰা গাঁৱে গাঁৱে গৈ যুঁজৰ বাবে উপযুক্তভাৱে খঙাল আৰু শক্তিশালী মতা কুকুৰা বিচাৰি আনি ৰাখে।

উল্লেখযোগ্য যে মাঘবিহুত অসমৰ লোক সমাজে ম’হ যুঁজ, কুকুৰা যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰি আহিছে শ শ বছৰীয়া পৰম্পৰা হিচাপে। কিন্তু শেহতীয়াকৈ ন্যায়ালয়ে ইয়াক জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা আখ্যা দি এইবোৰ বন্ধ কৰিছে, যদিও ম’হ বলি, হাঁহ-কুকুৰা, পাৰ বলি বন্ধ কৰা নাই।

গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবছৰ মানৰ পূৰ্বে ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ বন্ধ কৰাৰ পৰিৱৰ্তে যোৱা বছৰৰ পৰা কুকুৰা যুঁজ বন্ধ কৰিছিল।

কিন্তু আমাৰ লোকসমাজ এই সম্পৰ্কত ইমানখিনি অৱগত হ’ব পৰাকৈ সজাগ নোহোৱা বাবেই হওক বা লোক পৰম্পৰাক অন্ধ অনুকৰণ কৰা স্বভাৱৰ বাবেই এইবোৰ খেল এতিয়াও অ’ত-ত’ত চলি আছে।

মন কৰিব লগীয়া কথাটো হ’ল এই কুকুৰা যুঁজক আলম কৰি টকা-পইচাৰ বাজিও ধৰা হয়। যুঁজত অংশ লোৱা কুকুৰাকেইটাৰ গৰাকীৰ উপৰি দৰ্শকৰ মাজৰ একাংশৰ মাজতো এই বাজি ধৰা-ধৰি চলি থাকে।

যিটো কুকুৰা হাৰে সেইটোৰ ওপৰত বাজি ধৰাজনে বাজিৰ ধন জিকা কুকুৰাটোৰ ওপৰত বাজি ধৰাজনক এৰি দিব লগীয়া হয়।

এইদৰে কম আয়ৰ চাহ শ্ৰমিকসকলৰ মাজৰ বহুতেই একে দিনাই প্ৰচুৰ ধন হেৰুৱাই ঘৰৰ বয়বস্তু পৰ্য্যন্ত বিক্ৰী কৰা দেখা যায়।

Recent News

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd