NORTHEAST NOW (Assamese)

আপোনাৰ কামত আহিব পৰা ফোনৰ এই কোডকেইটা জানেনে?

March 6, 2020 5:43 pm · এন ই নাও নিউজ
ছবি সৌজন্য-- News Crab

আজিৰ তাৰিখত স্মাৰ্টফোন সকলোৰে হাতে হাতে। ফোনটো অলপ সময় হাতত নাথাকিলেও মানুহৰ অসুবিধা হয়।

পিছে আপোনাৰ ফোনটোৰ সবিশেষ জনাৰ বাবে বা ঠিকমতে চলি আছেনে নাই চোৱাৰ বাবে কিছুমান কোড আছে।

তলত এনে কিছুমান কোড দিয়া হৈছে যিবোৰৰ যোগেদি আপুনি সেই সম্বন্ধীয় তথ্য আপোনাৰ ফোনটোতে পাব পাৰে।

Code *#*#4636#*#*

এই কোড ব্যৱহাৰ কৰি আপোনাৰ ফোনটোৰ সবিশেষ তথ্য আপুনি পাব পাৰে। যেনে—ফোনটোত কি বেটাৰি আছে, ফোনটোৰ মডেল, ৰেম ইত্যাদিৰ তথ্য পাব পাৰে।

Code *#62#

কেতিয়াবা ফোন কৰি থাকিলেও ফোন নালাগে। তেতিয়া এই কোডটো ব্যৱহাৰ কৰি আপোনাৰ ফোনটো ৰি-ডাইৰেক্ত হৈ আছে নেকি চাব পাৰে।

Code *#21#

এই কোডটো ডায়েল কৰি আপোনাৰ ফোনটো ডাইভাৰ্ট হৈ আছেনেকি চাব পাৰে।

Code ##002#

আপোনাৰ ফোন যদি ডাইভাৰ্ট হৈ আছে, এই কোডটো ডায়েল কৰি তাক ডি-এক্তিভেট কৰিব পাৰে।

Related News