• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে কেন্দ্ৰ চৰকাৰৰ ইথানল মিশ্ৰণ কাৰ্যসূচীক জোৰদাৰভাৱে সমৰ্থন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2026 8:05 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে কেন্দ্ৰ চৰকাৰৰ ইথানল মিশ্ৰণ কাৰ্যসূচীক জোৰদাৰভাৱে সমৰ্থন কৰিছে। তেওঁ এই নীতিক লৈ উত্থাপিত ব্যক্তিগত স্বাৰ্থ থকাৰ সকলো অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰাৰ লগতে ইয়াৰ ফলত বাহনৰ ক্ষতি হোৱাৰ দাবীও খাৰিজ কৰে। সমালোচকসকলক প্ৰত্যাহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে ই২০ ইন্ধনৰ বাবে কোনো পেট্ৰল চালিত বাহন ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰমাণ থাকিলে তেওঁলোকে দাঙি ধৰক। তেওঁ স্পষ্ট কৰি দিয়ে যে এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে দেশৰ ইন্ধন আমদানি হ্ৰাস কৰা, স্বচ্ছ ইন্ধনৰ প্ৰসাৰ কৰা আৰু কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা।

 ইণ্ডিয়া টুডে টিভিৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত গাডকাৰীয়ে ইথানল কাৰ্যসূচীত তেওঁৰ কোনো ব্যক্তিগত লাভালাভ থকাৰ কথা অস্বীকাৰ কৰে। তেওঁ কয় যে তেওঁৰ পৰিয়ালৰ চেনিৰ ব্যৱসায় চৰকাৰৰ ইথানল নীতি অহাৰ বহুত আগৰ পৰাই চলি আছে আৰু ইথানল উৎপাদনত তেওঁৰ অংশ অতি নগণ্য। তেওঁ উল্লেখ কৰে যে এই ইথানল নীতিৰ পৰা তেওঁ একো পোৱা নাই আৰু সমগ্ৰ দেশৰ উৎপাদনত তেওঁৰ পৰিয়ালৰ অংশমাত্ৰ ০.০৭ শতাংশহে। ইমান কম অংশীদাৰিত্ব থকা এজন ব্যক্তিয়ে নিজৰ লাভৰ বাবে দেশৰ ইথানল নীতিক প্ৰভাৱিত কৰাটো কোনোমতেই সম্ভৱ নহয় বুলি তেওঁ মত প্ৰকাশ কৰে।

Apply Now

 মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে ভাৰতত বৰ্তমান প্ৰায় ৫৫০ টা ইথানল উৎপাদনকাৰী গোটৰ জৰিয়তে বাৰ্ষিক প্ৰায় ১৫০০ কোটি লিটাৰ ইথানল উৎপাদন কৰা হয়। তেওঁ কেৱল ইথানলৰ কথাই কোৱা নাই, বৰঞ্চ সদায় বিভিন্ন বিকল্প ইন্ধনৰ ব্যৱহাৰৰ সপক্ষে কাম কৰি আহিছে যাতে খাৰুৱা তেলৰ ওপৰত দেশৰ নিৰ্ভৰশীলতা কমে আৰু কৃষকসকল উপকৃত হ’ব পাৰে। তেওঁ লগতে কয় যে এই নীতি তেওঁ অকলশৰে লোৱা নাই, বৰঞ্চ পেট্ৰলিয়াম মন্ত্ৰালয়, কেবিনেট আৰু বৈজ্ঞানিক গৱেষণাৰ পাছত সকলোৰে সৈতে আলোচনা কৰিহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 ইথানলযুক্ত ইন্ধনে বাহনৰ ক্ষতি কৰে বুলি একাংশই কৰা দাবীৰ উত্তৰত গাডকাৰীয়ে কয় যে যদি কাৰোবাৰ বাহন ইথানলৰ বাবে নষ্ট হৈছে, তেন্তে তেওঁলোকে ডীলাৰ বা পৰিবহণ মন্ত্ৰালয়ৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে আৰু চৰকাৰে ইয়াৰ তদন্ত কৰি সকাহ দিব। তেওঁ কয় যে মাৰুতি সুজুকি, টয়োটা, টাটা মটৰ্ছ আৰু মহিন্দ্ৰাৰ দৰে ডাঙৰ কোম্পানীসমূহে ইথানলৰ বাবে বাহন নষ্ট হোৱাৰ কোনো অভিযোগ কৰা নাই। অলপতে টয়োটা গাড়ী এখনৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ তদন্তত ইথানলৰ সলনি পানীতহে ভেজাল থকাটো ধৰা পৰিছিল। এই সমগ্ৰ বিতৰ্কক তেওঁক বদনাম কৰাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰি তেওঁ কয় যে আমেৰিকা, ব্ৰাজিল, জাপান, জাৰ্মানী, থাইলেণ্ড আৰু চুইডেন আদি দেশত ইতিমধ্যে ইথানল সফলতাৰে ব্যৱহাৰ কৰা হৈছে আৰু ভাৰতেও এক গোলকীয় পদ্ধতিহে অনুসৰণ কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd